BJP joining program: লাহোৱালত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী

By

Published : Nov 5, 2022, 10:46 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ(DAC Election 2022) প্ৰাকক্ষণত লাহোৱালত অনুষ্ঠিত হ'ল বিজেপিৰ যোগদান কাৰ্যসূচী (BJP joining program at Lahowal) । শনিবাৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত সমষ্টিটোৰ বিভিন্ন দলৰ দুই শতাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰে (Joining program of BJP) । কংগ্ৰেছ, আম আদমী পাৰ্টীৰ পৰা সৰ্বাধিক কৰ্মীয়ে যোগদান কৰে বিজেপিত । লাহোৱালৰ ফুকনাখাট, নাহৰসাকোঁ, খনিকৰ, পঞ্চায়তৰ পৰা কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ ৱাৰ্ড সদস্য আৰু দলীয় শক্তিশালী নেতাই বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে । এই যোগদান কাৰ্যসূচীত বিধায়ক বিনোদ হাজৰিকাৰ (MLA Binod Hazarika) লগতে ডিব্ৰুগড় জিলা মহিলা মৰ্চাৰ সভানেত্ৰী মামন মিত্ৰ গগৈ, বিজেপি দলৰ জ্যেষ্ঠ নেতা ৰাহুল সোনোৱাল, সুশীল তাছা, বকুল জিলা পৰিষদৰ সদস্য হেমপ্ৰভা তাছা, লাহোৱাল জিলা পৰিষদৰ সদস্য ভূপেন গগৈকে ধৰি কেইবাগৰাকী বিজেপি দলৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.