বিকশিত ভাৰত সংকল্প যাত্ৰাত বিহু প্ৰদৰ্শন

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 9:16 PM IST

thumbnail

ধেমাজি,১৬ ডিচেম্বৰ: চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়ণ আৰু আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ 'বিকশিত ভাৰত সংকল্প যাত্ৰা' কাৰ্যসূচী দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে । সমান্তৰালভাৱে ধেমাজি জিলাতো অনুষ্ঠিত কৰা হয় বিকশিত ভাৰত সংকল্প যাত্ৰা । ধেমাজি জিলাৰ অন্যান্য প্ৰান্তৰ দৰে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ বেতনিপামত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷  

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ওপৰত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াই সাংসদ প্ৰদান বৰুৱাই ৷ লক্ষণীয়ভাৱে বিহুৱা-বিহুৱতীয়ে বিহু নৃত্য প্ৰদৰ্শনেৰে মুখৰ কৰি তোলে অনুষ্ঠানটিৰ পৰিৱেশ ৷ শনিবাৰে অনুষ্ঠিত কাৰ্যসূচীত জিলা উপায়ুক্ত অংকুৰ ভৰালীকে ধৰি জিলাখনৰ শীৰ্ষ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকি অনুষ্ঠানটি সফল কৰি তোলে ।

লগতে পঢ়ক: কৃষিভিত্তিক জীৱিকা গ্ৰহণ কৰি স্বাৱলম্বী হ’বলৈ সকলোৱে মনোযোগ দিয়ক : অজন্তা নেওগ

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.