দুই শতাধিক লোকৰ শ্ৰমদান, মুঠিয়ে মুঠিয়ে কাটিছে খেৰ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 5:55 PM IST

thumbnail

জোনাই, 17 জানুৱাৰী : অৰুণাচল প্ৰদেশৰ য়াকৰুঙত লোকাৰণ্য হৈ পৰিছে এখন পথাৰ ৷ যি সময়ত সমগ্র অসমৰ গ্ৰাম্যাঞ্চলসমূহত খেৰসমূহ বিলুপ্ত হ'বলৈ ধৰিছে তেনে সময়তে অৰুণাচল প্ৰদেশৰ য়াকৰুং পথাৰত থকা খেৰসমূহ জোনাইৰ উজনি বিজয়পুৰ গাঁৱৰ এক সঁজাতী দলে আহি মুঠিয়ে মুঠিয়ে কাটি এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে । 

উল্লেখ্য যে অহা মাৰ্চ মাহৰ অন্তিমটো সপ্তাহত মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক পঃৰাগ উৎসৱ উৎযাপন কৰা হ’ব ৷ এই উৎসৱৰ বাবে মুৰং অকুম, তোৰণৰ লগতে অতিথি গৃহ নিৰ্মাণৰ বাবে গাঁৱৰ দুই শতাধিক ৰাইজে ওলাই আহি শ্ৰমদানেৰে অৰুণাচল প্ৰদেশৰ য়াকৰুঙত খেৰ কাটি পঃৰাগ উদযাপনৰ প্ৰস্তুতি অব্যাহত ৰাখিছে । 

লক্ষণীয় যে,  জোনাইৰ উজনি বিজয়পুৰ গাঁৱৰ পঃৰাগ উৎসৱলৈ মাজত মাথোঁ এটা মাহ বাকী । পঃৰাগ উৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে উদযাপন সমিতিয়ে । বিজয়পুৰ গাঁৱৰ ৰাইজে পৰম্পৰাগত ৰীতি-নীতিৰে পূৰ্বৰ লোক-কৃষ্টিমতে খেৰ ব্যৱহাৰ কৰি পঃৰাগ উদযাপন কৰিব ৷

লগতে পঢ়ক: ঠেঁটুৱৈ লগা জাৰৰ মাজতে এইবাৰ আহি আছে শিলাবৃষ্টি, বিজুলি-ঢেৰেকনি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.