ৰঙিয়া হাচানটুকত বৰলীয়া নৈৰ ভয়াৱহ খহনীয়া

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 8:28 PM IST

thumbnail

ৰঙিয়া, 23 ডিচেম্বৰ : ৰঙিয়া হাচানটুক অঞ্চলটোত বৰলীয়া নৈৰ প্ৰবল গৰাখহনীয়াৰ বাবে চলিত বছৰটোত কেইবাটাও পৰিয়ালৰ বাসগৃহ জাহ গৈছে নৈৰ বুকুত । আনহাতে বাৰিষাৰ সময়তো নদীৰ বাঢ়নী পানীৰ বাবে খহনীয়াত শতাধিক পৰিয়ালৰ ভেটি-মাটি নৈৰ বুকত সম্পূৰ্ণৰূপে জাহ যায় । বহু হেক্টৰ কৃষিভূমি আৰু বহু মূল্যৱান গছ-গছনি নৈত জাহ যোৱাৰ উপৰিও নৈপৰীয়া অঞ্চলটোৰ আৰু বহুকেইটা পৰিয়ালৰ মাটি-বাৰী জাহ যোৱাৰ উপক্ৰম হৈছে ।

উল্লেখ্য যে, এই অঞ্চলটোৰ মূল যাতায়তৰ পথটোৰ বহু অংশ জাহ গৈছে নৈৰ বুকুত । অঞ্চলটোৰ অৰ্ধ-শতাধিক পৰিয়ালৰ জীৱন-জীৱিকালৈ গভীৰ সংকট কঢ়িয়াই অনা বৰলীয়া নৈৰ খহনীয়া ৰোধৰ বাবে চৰকাৰ-প্ৰশাসন তথা জলসম্পদ বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । ভেটি-মাটি হেৰুৱাই সৰ্বস্বান্ত হোৱা দুৰ্ভগীয়া পৰিয়ালকেইটাৰ বাসগৃহত এবাৰ জৰীপ চলায়েই দায়িত্ব সামৰিছে চৰকাৰী বিভাগে । উল্লেখ্য যে, বছৰ বছৰ ধৰি অব্যাহত থকা বৰলীয়া নৈৰ খহনীয়াৰ ফলত এই অঞ্চলটোৰ শতাধিক পৰিয়াল অন্য স্থানলৈ স্থানান্তৰিত হ’বলগীয়া হৈছে । তথাপি কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ ।

লগতে পঢ়ক : এফালৰ পৰা শেষ কৰি গৈছে খহনীয়াই, কেতিয়া সাৰ পাব চকু মুদা কুলি?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.