Asomiya yuva mancha: চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত সকলোতে অসমীয়া ফলক ব্যৱহাৰ কৰিবলৈ এসপ্তাহৰ সময়সীমা

By

Published : Jul 20, 2023, 5:29 PM IST

thumbnail

লখিমপুৰ, ২০ জুলাই : লখিমপুৰত আৰু এসপ্তাহৰ পাছত হাতে হাতে কলা ৰং লৈ পথলৈ ওলাব অসমীয়া যুৱ মঞ্চৰ সদস্য । অসমীয়া ভাষাৰ বাহিৰে অন্য ভাষাত লিখা সকলো চাইনবৰ্ড, বেনাৰ আদিত সানিব কলা ৰং । অসমীয়া যুৱ মঞ্চই এই কথা বৃহস্পতিবাৰে লখিমপুৰ জিলা আয়ুক্তক এখন স্মাৰক পত্র যোগে স্পষ্ট কৰি দিয়ে ।

লখিমপুৰ জিলাত বিভিন্ন চৰকাৰী বা বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়ীক প্ৰতিষ্ঠান আদিৰ চাইন ব’ৰ্ড, বেনাৰ আদিত এসপ্তাহৰ ভিতৰত অসমীয়াত লিখাৰ দাবীৰে বৃহস্পতিবাৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰ জিলা আয়ুক্তক এখন স্মাৰক পত্র প্ৰদান কৰে । অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ চিৰঞ্জিৎ বৰদলৈ, দিপাংকৰ নাথ সহ যোৱা এটা সঁজাতি দলে স্মাৰক পত্রৰ জৰিয়তে জিলা আয়ুক্তক এই ক্ষেত্ৰত এসপ্তাহৰ ভিতৰত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায় ।

তেওঁলোকে জিলা আয়ুক্তক এসপ্তাহৰ ভিতৰত জিলাখনৰ সকলো কাৰ্যালয়, ব্যৱসায়ী প্ৰতিষ্ঠান আদিৰ চাইন ব’ৰ্ড, বেনাৰ আদি এসপ্তাহৰ ভিতৰত অন্য ভাষাৰ পৰিৱৰ্তে অসমীয়াত লিখাবলৈ বাধ্য কৰিবলৈ দাবী জনায় । অন্যথা অসমীয়া যুৱ মঞ্চই অসমীয়াৰ বাহিৰে অন্যভাষাত লিখা সকলো চাইন ব’ৰ্ড, বেনাৰ আদিত কলা ৰং সানিব বুলি স্পষ্ট কৰি দিয়ে ।

স্মাৰক পত্র প্ৰদান কৰি অসমীয়া যুৱ মঞ্চৰ সদস্যসকলে সংবাদ মাধ্যমৰ আগত কয় অসমত অসমীয়া ভাষাৰ হকে অসমীয়াই তেজ দি থৈছে । ৰাজ্য ভাষা আইন এখনো প্ৰণয়ন হৈ আছে । ইমানৰ পাচতো ৰাজ্যত সৰ্বাত্মকভাৱে অসমীয়া ভাষা লিখা হোৱা নাই । যাৰ বাবে অসমীয়া যুৱ মঞ্চই এইবাৰ এনেদৰে হাতত কলা ৰং লৈ ওলাই আহিবলগীয়া হৈছে ।

লগতে পঢ়ক : Hindu Yuba Chattra Parishad: লখিমপুৰত নিশা জামিনত মুকলি হৈ আহিল হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ তিনি নেতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.