Attempt to rape Case: ৰঙিয়াৰ বৰমুৰাত মহিলাক ধৰ্ষণৰ অপচেষ্টা

By

Published : Feb 11, 2023, 7:32 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

ৰঙিয়া,১১ ফ্ৰেব্ৰুৱাৰী: ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ৰঙিয়াৰ বৰমুৰাত এগৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা চলাই এটা লম্পটে (Attempt to rape Case) । দিন দুপৰতে গা ধুই থকা অৱস্থাত মহিলাক যৌন উৎপীড়ন চলাই ৰঙিয়াৰ নিজ বড়িগোগৰ ৰাজু আলী নামৰ লম্পটটোৱে (Attempt to rape House wife in Rangia) । মহিলাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ বুজি মানৱৰূপী দানৱ ৰাজু আলীয়ে স্বামীক বিচাৰি আহি ধৰ্ষণৰ চেষ্টা চলায় মহিলাগৰাকীক । 

ভুক্তভোগী মহিলাগৰাকীৰ চিঞৰ বাখৰ শুনি কাষ চাপি আহে ওচৰ চুবুৰীয়া । ৰাইজ অহাৰ উমান পাই পলায়নৰ চেষ্টা চলাই ধৰ্ষণৰ অপচেষ্টা চলোৱা নৰপিশাচৰ । পিছে তৎমুহুৰ্ততে স্থানীয় ৰাইজ উপস্থিত হৈ কৰায়ত্ব কৰে লম্পটটোক । পৰৱৰ্তী সময়ত মানবৰূপী দানৱ ৰাজু আলীক লপাথপা দি আৰক্ষীক গতাই দিয়ে উপস্থিত ৰাইজে । লগে লগে আৰক্ষীয়ে লম্পটটোক আটক কৰি ৰঙিয়া থানালৈ লৈ আহে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে লম্পট ৰাজু আলীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে । দিন দুপৰতে অসহায় মহিলাক এনেদৰে উৎপীড়ন চলোৱা লম্পটোৰ উচিত শাস্তিৰ দাবী জনাইছে ভুক্তভোগী মহিলাগৰাকীৰ লগতে স্থানীয় ৰাইজে । 

উল্লেখ্য যে ৰাজ্যত প্ৰতিদিনেই সংঘটিত হৈ আছে এটাৰ পিছত আন এটা নাৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনা (Rape Case in Assam) ৷ একাংশ অসাধু ব্যক্তিৰ বাবে যেন নিজৰ ঘৰখনতো অসুৰক্ষিত হৈ পৰিছে কিশোৰী, যুৱতী কিম্বা মহিলাসকল । প্ৰতিটো দিনতেই বাতৰি কাকতৰ শিৰোনাম দখল কৰিছে নাৰী ধর্ষণ কিম্বা নাৰী নির্যাতনৰ বাতৰিয়ে ৷ নাৰীৰ ওপৰত কৰা অত্যাচাৰ, নির্যাতন আদি প্ৰসংগসমূহৰ বিষয়ে চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংস্থাসমূহে বিভিন্ন সময়ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াক কৰি আহিছে ৷ কিন্তু ইয়াৰ পাচতো যেন সুৰক্ষিত হ’ব পৰা নাই নাৰী ৷ 

লগতে পঢ়ক: Protest in Nalbari: চিকিৎসালয় স্থানান্তৰকৰণক লৈ নলবাৰীত উত্তপ্ত পৰিস্থিতি; প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.