Attempt to kidnap: বিদ্যালয়লৈ গৈ থকা অৱস্থাত দুই ছাত্ৰক অপহৰণৰ চেষ্টা

By

Published : Aug 8, 2023, 8:43 PM IST

thumbnail

নলবাৰী, ৮ আগষ্ট : নলবাৰীৰ মুকালমুৱাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মঙলবাৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত অপহৰণৰ চেষ্টা দুজন ছাত্ৰক। ছাত্ৰ দুজনৰ নাম ৰাণা নাভেদুল হাছান(১১) আৰু নুৰ ইমামুল হ'ক(১১) বুলি জানিব পৰা গৈছে । 

মুকালমুৱাৰ নাৰায়ণপুৰস্থিত ড্ৰীমলেণ্ড ইংলিছ স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুজনে পুৱা চাইকেলেৰে ঘৰৰ পৰা বিদ্যালয়লৈ গৈ আছিল। তেনেতে এটা দুৰ্বৃত্তৰ দলে এখন বলেৰ' ভেনত ছাত্ৰ দুজনক বিদ্যালয়লৈ গৈ থকা অৱস্থাতে নাৰায়ণপুৰ-বৰলিয়াৰপাৰ সংযোগী পথৰ পৰা চাইকেলৰ সৈতে বলপূৰ্বকভাৱে উঠাই লৈ গৈছিল। প্ৰাণে মৰাৰ ভাবুকি দি ছাত্ৰ দুজনক অপহৰণ কৰি লৈ গৈছিল দুৰ্বৃত্তৰ দলটোৱে। 

পৰৱৰ্তী সময়ত ছাত্ৰ দুজনে চিঞৰ বাখৰ কৰাত বৰপেটাৰ নগাঁৱৰ ওচৰত মুকলি ঠাইত গাড়ীৰ পৰা ছাত্ৰ দুজনক নমাই থৈ যায় দুৰ্বৃত্তৰ দলটোৱে। পিচত ছাত্ৰ দুজনে নগাঁৱৰ স্থানীয় লোকৰ মোবাইলেৰে পৰিয়ালৰ লোকক ফোন কৰি ঘটনা সন্দৰ্ভত অৱগত কৰে ৷

ইয়াৰ পিচতে পৰিয়ালৰ লোকে বৰপেটাৰ নগাঁৱলৈ আহি ছাত্ৰ দুজনক উদ্ধাৰ কৰি লৈ আহে ৷ ছাত্ৰ দুজনক উদ্ধাৰ কৰি লৈ আহি মুকালমুৱা আৰক্ষীৰ কাষ চাপে পৰিয়ালৰ লোকে । ছাত্ৰ দুজনৰ ঘৰ মুকালমুৱাৰ ওচৰৰ বৰলিয়াৰপাৰত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: Mysterious Kidnapping in Guwahati : মহানগৰীত ৰহস্যজনক অপহৰণ কাণ্ড; সন্ধানহীন ভ্ৰাতৃ-ভগ্নী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.