Gamblers arrested: নলবাৰীত জুৱাৰ ঘাটি উৎখাত; ১০ টা জুৱাৰীক আটক

By

Published : Apr 26, 2023, 10:14 PM IST

thumbnail

নলবাৰী,২৬ এপ্ৰিল: নলবাৰী জিলাৰ মুকালমুৱাৰ চৰাঞ্চলৰ ন-পাৰা পামত এটা জুৱাৰ ঘাটি উৎখাত কৰি ১০ টা জুৱাৰীক খেদি খেদি আটক কৰে আৰক্ষীয়ে (Illegal gambling dens evicted in Nalbari) । বুধবাৰে এক গোপন খবৰৰ পম খেদি শিয়ালমাৰী চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যব্ৰত পেগুৰ নেতৃত্বত অভিযান চলাই জুৱাৰ ঘাটিটো উৎখাত কৰাৰ লগতে ১০ টা জুৱাৰীক আটক কৰে (10 gamblers detained in Nalbari) ।  

ধৃত জুৱাৰী কেইটাৰ নাম ক্ৰমে নুৰ হুছেইন আলী, হাবিজুৰ ৰহমান, কাদেৰ আলী, আমজাদ আলী, ইমান আলী, চহিদুল ইছলাম, আবিচান আলী, দিলৰুমাণ আলী, অহাব আলী, জিয়াৰুল আলী (Illegal gambling in Nalbari) । শিয়ালমাৰী আৰক্ষীয়ে জুৱাৰ ঘাটিটোত অতৰ্কিতে অভিযান চলাই জুৱাৰ ঘাটিটো উৎখাত কৰাৰ লগতে ১০ টা জুৱাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও বহুকেইটা জুৱাৰীয়ে পলায়ন কৰে । আটকাধীন জুৱাৰী কেইটাক আটক কৰি আৰক্ষীয়ে নলবাৰীৰ ন্যায়ীক দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰে । 

লগতে পঢ়ক: Protest at tea estate: চাহ বাগিচাৰ মহিলা শ্ৰমিকক অনৈতিক কাৰ্যত লিপ্ত কৰোৱাৰ অভিযোগ কৰ্মচাৰীৰ বিৰুদ্ধে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.