Youth Congress Protest : ডিফুত মুখ্যমন্তী হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰংহাঙৰ পুত্তলিকা দাহ যুৱ কংগ্ৰেছৰ

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:42 PM IST

thumbnail

ডিফু, ২৮ ছেপ্টেম্বৰ : কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উত্থাপিত হোৱা এশ কোটিৰ কেলেংকাৰীৰ অভিযোগক কেন্দ্ৰ কৰি ক্ৰমাৎ অধিক উত্তাল হৈ পৰিছে পাহাৰীয়া জিলাৰ ৰাজনীতি ৷ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ বিৰুদ্ধে উত্থাপিত হোৱা এশ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগৰ বিৰুদ্ধে বিৰোধী কংগ্ৰেছ দলে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে জিলাখনৰ সদৰ ডিফুত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে ৷

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, তুলিৰাম ৰংহাং মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতিৰ কাৰ্যকৰী সভাপতি পৰিতোশ ৰয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত যুৱনেতাগৰাকীয়ে এই কেলেংকাৰীৰ চিবিআই তদন্ত নহʼলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে ৷ উল্লেখযোগ্য যে, প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে ডিফুস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত যুৱ কংগ্ৰেছৰ এখনি যুটীয়া কাৰ্যনিৰ্বাহক সভা‌ অনুষ্ঠিত হয় ৷ 

লগতে পঢ়ক : Bimal Borah participated Amrit Kalash Yatra: ঘৰে ঘৰে মাটি সংগ্ৰহ কৰিলে মন্ত্ৰী বিমল বড়াই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.