Assam Police recruitments: আৰক্ষী বিভাগত 5730 টা পদৰ বিপৰীতে 5421 জন প্ৰাৰ্থী নিৰ্বাচিত

By

Published : May 8, 2023, 6:24 PM IST

Updated : May 8, 2023, 7:22 PM IST

thumbnail

গুৱাহাটী, 8 মে’: ঘোষণা হ'ল অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফল ৷ সংবাদমলযোগে ঘোষণা কৰিলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে  ৷ 5730 টা পদৰ ফলাফল ঘোষণা কৰিলে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ www.slprbassam.in, police.assam.gov.in ৱেবছাইটত চাব পাৰিব ফলাফল (Assam police result declared) ৷  

গৃহ, আবকাৰী আৰু বন বিভাগত হয় এই নিযুক্তি ৷ 11 মে’ত বিতৰণ কৰা হ’ব নিযুক্তি পত্ৰ ৷ 5730 টা পদৰ বিপৰীতে 5421 জন প্ৰাৰ্থী নিৰ্বাচিত হৈছে ৷ 309 টা পদত যোগ্য প্ৰাৰ্থী নথকাৰ বাবে খালী থাকি গ’ল ৷ অসম চৰকাৰৰ গৃহ, আবকাৰী আৰু বন বিভাগৰ 5730 টা পদৰ ভিতৰত 557 টা পদ এ পি আৰ অ’, বন আৰু আবকাৰী বিভাগৰ কনিষ্টবল (Assam police grade 4 result) ৷  

380 টা স্নাতক পৰ্যায়ৰ, 3127 টা উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰ্যায়ৰ আৰু 1666 টা চতুৰ্থ বৰ্গৰ পদ (Assam Police Result 2023) ৷ সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, যোৱা দুটা বছৰত অসম আৰক্ষীত 19977 টা পদত প্ৰাৰ্থী নিযুক্তি দিয়া হৈছে ৷ সম্প্ৰতি প্ৰায় 5 হাজাৰ পদ খালী হৈ আছে (Vacancy in Assam police)  ৷

লগতে পঢ়ক: Manipur crisis update: মণিপুৰৰ ঠায়ে ঠায়ে সান্ধ্য আইন শিথিল; সেনাৰ উদ্ধাৰ অভিযান অব্যাহত

Last Updated : May 8, 2023, 7:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.