এগৰাকী অসহায় মহিলাৰ চাঞ্চল্যকৰ ফেচবুক লাইভ, বিহপুৰীয়াৰ এটি পৰিয়ালৰ মাজত হুৱাদুৱা

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 8:35 PM IST

thumbnail

বিহপুৰীয়া, 21 নৱেম্বৰ : এগৰাকী অসহায় মহিলাৰ এটি চাঞ্চল্যকৰ ফেচবুক লাইভৰ পাচতে হুৱাদুৱা লাগিছে বিহপুৰীয়াৰ এটি পৰিয়ালৰ মাজত । 2007 চনতে ৰাজস্থানৰ বিকানেৰ নৌখালৈ বিয়া হৈ যোৱা লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ এগৰাকী মহিলাই শেহতীয়াকৈ ফেচবুকযোগে এটা লাইভ ভিডিঅ' প্ৰচাৰ কৰে ।

মহিলাগৰাকীয়ে প্ৰচাৰ কৰা ভিডিঅ'টোত তেওঁৰ স্বামী অমৰ চান্দ ৰাঠীয়ে মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলোৱাৰ কথা স্পষ্ট কৰি মহিলাগৰাকীয়ে সহায়ৰ হাত আগবঢ়াবলৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বীৰ লাচিত সেনাক কাতৰ আহ্বান জনায় । ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাচতে বিহপুৰীয়াৰ বৰবালিৰ ২ নং মটীয়া গাঁৱৰ নিৰ্যাতিতা মহিলাগৰাকীৰ মাতৃ পৰিয়াল আজি কাষ চাপে বিহপুৰীয়া আৰক্ষীৰ ওচৰত ।

বিহপুৰীয়া আৰক্ষীক মহিলাগৰাকীৰ পিতৃ ৰামেশ্বৰ সিং আৰু মাতৃ মাকন কাকতিয়ে সমগ্ৰ বিষয় সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰি কন্যাৰ ন্যায় বিচৰাৰ লগতে নিৰাপত্তা প্ৰদানৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে ।

লগতে পঢ়ক : Durga Puja 2023: পূজা চাবলৈ অহা ব্যৱসায়ী দম্পতীক দুৰ্বৃত্তৰ মাৰপিট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.