Assam cabinet in Dibrugarh : ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক; আশাবাদী ডিব্ৰুগড়বাসী

By

Published : Jan 30, 2023, 4:08 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ডিব্ৰুগড়, 30 জানুৱাৰী :  ডিব্ৰুগড়ত সোমবাৰে দিনৰ 2 বজাৰ পৰা আৰম্ভ হৈছে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ( Assam CM Himanta Biswa Sarma ) অধ্যক্ষতাত দিনৰ দুই বজাত উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট (Assam cabinet in Dibrugarh)। কেবিনেট বৈঠকৰ প্ৰাকক্ষণত উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ ৰাজ্যিক কেবিনেটৰ প্ৰস্তুতিৰ বুজ ল'লে বিধায়ক প্ৰশান্ত ফুকনে (MLA Prasanta Phukan) । স্বাস্থ্য অসুস্থ যদিও নিজ গৃহ জিলাত কেবিনেট অনুষ্ঠিত হোৱাত শাৰিৰীক অসুস্থতাক নেওচি ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় বিজেপি বিধায়ক প্ৰশান্ত ফুকন (MLA Prasanta Phukan in Dibrugarh DC Office) । 

মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়বাসীক ভাল খবৰ দিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বিধায়ক প্ৰশান্ত ফুকনে । উল্লেখ্য যে, প্ৰশান্ত ফুকনৰ হাৰ্টৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছে কেইদিনমান পূৰ্বে । চিকিৎসকে জিৰণি ল'বলৈ পৰামৰ্শ দিছে যদিও অসুস্থ স্বাস্থ্যৰে হ'লেও বিধায়ক গৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিতি হৈ সকলো ব্যৱস্থাপনাৰ বুজ লোৱা পৰিলক্ষিত হয় । 

উল্লেখ্য যে ডিব্ৰুগড়ত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব এই কেবিনেট বৈঠক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাচতে প্ৰতি মাহে অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠক জিলাই জিলাই অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই সিদ্ধান্ত অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ডিব্ৰুগড়তো কেবিনেট বৈঠক অনুষ্ঠিত হৈছে । আজি ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰা হ’ব বুলি আগ্ৰেহেৰে অপেক্ষা কৰিছে ডিব্ৰুগড়বাসীয়ে ৷ 

আনহাতে ডিব্ৰুগড়ৰ বাবে কেইবাখনো উৰণীয়া সেঁতু, অত্যাধুনিক বাছ আস্থান আদিৰ লগতে ডিব্ৰুগড়াসীৰ সমস্য-অসুবিধা দূৰ কৰিবৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰিব বুলি সম্ভৱনা ব্যক্ত কৰে বিধায়ক প্ৰশান্ত ফুকনে । ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ অন্ত পৰাৰ পাচতহে অন্ত পৰিব ডিব্ৰুগড়বাসীৰ জল্পনা-কল্পনাৰ ৷

লগতে পঢ়ক : Veer Pangrao Award: ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটালৈ বীৰ পাংৰাও বঁটা

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.