Increase in wages of tea workers: ১৮ টকাকৈ বৃদ্ধি পাব চাহ মজদুৰৰ মজুৰি; চৰকাৰে লৈছে সিদ্ধান্ত

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 7:52 AM IST

thumbnail

গুৱাহাটী,২৪ ছেপ্টেম্বৰ: চাহ মজুদৰৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনে । শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ১৮ টকাকৈ বৃদ্ধি হোৱাৰ কথা ঘোষণা কৰিছিল । শনিবাৰে এই সন্দৰ্ভত নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি অসমৰ ৰাজ্যপাল আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সভাপতি দীনেশ কুমাৰ চৌহানে ।  

সংগঠনটোৰ নেতৃবৃন্দই জানিবলৈ দিয়া মতে, যোৱা ১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত Tea Workers Conclave অনুষ্ঠিত কৰি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি প্ৰসংগ উত্থাপন কৰিছিল আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনে । উক্ত অনুষ্ঠানতেই বিষয়টো মুখ্যমন্ত্ৰীৰে আলোচনা কৰি মজুৰি বৃদ্ধিৰ আশ্বাস প্ৰদান কৰিছিল ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই । ইফালে শনিবাৰে জনতা ভৱনত চাহ শ্ৰমিকসকলৰ ন্যুন্যতম মজুৰি নিৰ্ধাৰণ সন্দৰ্ভত অনুষ্ঠিত এক বৈঠকত শ্রমিকসকলৰ মজুৰি ব্ৰহ্মপুত্ৰ উপত্যকাত ২৫০ টকা আৰু বৰাক উপত্যকাত ২২৮ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷  

এই বৰ্ধিত মজুৰি চলিত বৰ্ষৰ পহিলা অক্টোবৰৰ পৰা কাৰ্যকৰী কৰা হ'ব ৷ তদুপৰি এই বৈঠকতে চাহ সংস্থাসমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে । অসমত উৎপাদিত চাহপাত ৰাজ্যৰ সুলভ মূল্যৰ দোকানসমূহৰ জৰিয়তে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ উচিত মূল্যত যোগান ধৰাৰ বাবে সিদ্ধান্তও গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক: Assam Cabinet: জীৱন আহুতি দিয়া সেনা বাহিনীৰ জোৱানৰ উত্তৰাধিকাৰীক ৰাজ্য চৰকাৰৰ চাকৰি; কেবিনেটৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.