Karnataka Poll 2023: কৰ্ণাটকৰ দুই বিজেপি নেতাৰ বিৰুদ্ধে ভঙাগড় থানাত প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ

By

Published : May 7, 2023, 9:15 PM IST

thumbnail

গুৱাহাটী,৭ মে' : কৰ্ণাটকৰ চিত্তাপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মনিকান্ত ৰাথোৰ আৰু বিজেপি নেতা মদন দিলাৱৰৰ বিৰুদ্ধে দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতী দলে গুৱাহাটীৰ ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰে (FIR against Karnataka BJP leader) ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পৰিয়ালক মাৰি পেলোৱাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগত বিজেপিৰ দুয়োগৰাকী নেতাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে এজাহাৰ দাখিল কৰে (BJP Leaders Hatching Plot To Kill Kharge) ৷  

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ নেতৃত্বত যোৱা সঁজাতী দলটোৱে কৰ্ণাটকৰ বিজেপি নেতাদ্বয়ৰ বিৰুদ্ধে বিহিত ব্যৱস্থাৰ দাবী তুলি এজাহাৰ দাখিল কৰে (Death threat to Kharge) ৷ সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ অধ্যক্ষ দ্বীপ বায়নে কয় যে, কৰ্ণাটকত কংগ্ৰেছৰ জয় প্ৰায় নিশ্চিত হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপি দলে ভয় খাই বিভিন্ন পন্থা অৱলম্বন কৰিছে ৷ 

লগতে তেওঁ কয় যে, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ সমান্তৰালকৈ ভয়াৱহ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সমগ্ৰ পৰিয়ালক ‘উৰুৱাই’ দিয়াৰ ষড়যন্ত্ৰ কৰাৰ টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈ পৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ সেই নেতা দুজনৰ বিৰুদ্ধে আজি এজাহাৰ দাখিল কৰা হৈছে ৷ তেওঁ লগতে কয় যে, বিজেপিয়ে ভয়-ভাবুকিৰ ৰাজনীতি কৰাৰ বিপৰীতে ৰাইজৰ হকে কাম কৰক ৷ 

লগতে পঢ়ক: Karnataka election 2023 : বিজেপিৰ বিৰুদ্ধে মল্লিকাৰ্জুন খাৰ্গেৰ পৰিয়ালক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.