Assam BJP vs Congress: নিজৰ সমষ্টিৰ এগৰাকীও পঞ্চায়ত প্ৰতিনিধি জয়ী কৰাব নোৱাৰে ভূপেন বৰাই; ৰঞ্জীৱ শৰ্মা

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 8:50 PM IST

Updated : Sep 3, 2023, 10:56 PM IST

thumbnail

গুৱাহাটী, ৩ ছেপ্টেম্বৰ: “অসমৰ থলুৱা, খিলঞ্জীয়া মানুহে কংগ্ৰেছ দলক ইতিমধ্যে প্রত্যাখ্যান কৰিছে ৷ চাহ বাগিচা অঞ্চলত তেওঁলোকে যেনেধৰণৰ সঁহাৰি পাব লাগিছিল তেনেধৰণৰ সঁহাৰি পোৱা নাই ৷ চাহ বাগিচা অঞ্চলত কংগ্ৰেছক এক প্ৰকাৰৰ সোমাব দিয়া নাই ,’’ এই মন্তব্য বিজেপি, অসম প্ৰদেশৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ ৷

কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় যে, চাহ বাগিচা অঞ্চলৰ মানুহে কংগ্ৰেছক প্ৰত্যাখান কৰিছে ৷ তেওঁলোক য’ত সোমাইছে তাত প্ৰশ্ন কৰিছে যে, কংগ্ৰেছৰ দিনত বাগিচা অঞ্চলত কিয় উন্নয়ন হোৱা নাছিল ৷ এনেধৰণৰ প্ৰশ্ন এতিয়া কংগ্ৰেছক ৰাইজে কৰিছে আৰু তাৰ ফলত দলটো এতিয়া বিৰাট হতাশাত ভুগিছে ৷ প্ৰদেশ কংগ্ৰেছৰ হতাশাই এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে তেওঁলোকে এতিয়া আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য কৰে বিজেপি নেতাজনে ৷

বিজেপি নেতাজনে কয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তেওঁৰ নিজা গৃহ সমষ্টিৰ পৰা পঞ্চায়ত সদস্য এজনকো নিৰ্বাচনত জয়ী কৰাই অনাৰ সাংগঠনিক যোগ্যতা হেৰুৱাই পেলাইছে ৷ পঞ্চায়ত নিৰ্বাচনত সদস্য এজনো জিকাব নোৱাৰা কংগ্রেছ সভাপতিয়ে আগন্তুক লোকসভা নিৰ্বাচনত সাংসদ জিকোৱাৰ অলীক কল্পনা কৰে বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্র জনে মন্তব্য কৰে ৷ 

তেওঁ কয় যে, বৰ্তমান সময়ত কংগ্ৰেছৰ হাতত কোনো ৰাজনৈতিক ইচ্ছ্যু নাই। সেয়েহে দলটোৰ নেতাসকলে সময় অতিবাহিত কৰিবলৈ মাজে সময়ে ৰাজনৈতিক সাঁথৰ আৰু সমাজ জীৱনৰ লগত সংগতি নথকা আবোল-তাবোল কথা কবলৈ আৰম্ভ কৰিছে বুলি কয় তেওঁ ৷ ৰাজ্যৰ প্ৰধান বিৰোধী দলৰ এনে আচৰণ সঁচাকৈ চিন্তাজনক বুলিও মুখপাত্ৰজনে উল্লেখ কৰে ৷ 

লগতে পঢ়ক : Bhupen Borah: ৰাহুল গান্ধীৰ ভক্তই আজি মোদীৰ ভক্ত; ভূপেন বৰা

Last Updated : Sep 3, 2023, 10:56 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.