ASHA worker Protest: কোকৰাঝাৰত আশাকৰ্মীৰ প্ৰতিবাদ

By

Published : Feb 11, 2023, 5:29 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

কোকৰাঝাৰ,১১ ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভিত ৰাজ্যৰ আশাকৰ্মীসকল (Protest against minister Atul Bora)। কোকৰাঝাৰত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে আশাকৰ্মীসকলে । আশাকৰ্মীৰ ওচৰত মন্ত্ৰীগৰাকীক ক্ষমা বিচাৰিবলৈ দাবী জনালে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে শেহতীয়াকৈ মন্ত্ৰী অতুল বৰাই বাল্যবিবাহ আৰু জনসংখ্যা বৃদ্ধিৰ বাবে আশাকৰ্মীসকলক পৰোক্ষভাৱে জড়িত বুলি উদ্বেগ প্ৰকাশ কৰিছিল । আনকি বাল্যবিবাহ সংঘটিত হোৱা তথা জনসংখ্যা বৃদ্ধি হোৱা অঞ্চলসমূহৰ পৰা আশাকৰ্মীসকলক প্ৰত্যাহাৰ কৰিব লাগে বুলিও মন্তব্য কৰিছিল (Atul Bora reacts over Child marriage) । ইয়াৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আশাকৰ্মীসকল । মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উজনি নামনি সকলোতে আশাকৰ্মীসকলে প্ৰতিবাদ কৰা দেখা গৈছে (Controversial reacts of Atul Bora)।

শনিবাৰে কোকৰাঝাৰ চহৰস্থিত ৰাসমেলা পথাৰতো জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আশাকৰ্মীসকল সমবেত হয় । আশাকৰ্মীসকলে মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে (ASHA worker protest in Kokrajhar) ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা আশাকৰ্মীসকলে অতুল বৰা মুৰ্দাবাদ, কৃষি মন্ত্ৰী হায় হায় আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশে উত্তাল কৰি তোলে ।

মন্ত্ৰীগৰাকীৰ মন্তব্যক ধিক্কাৰ প্ৰদান কৰি প্ৰতিবাদকাৰীসকলে সংবাদমাধ্যমৰ আগত কয় যে বাল্যবিবাহ আৰু জনসংখ্যা বৃদ্ধিৰ সৈতে আশাকৰ্মীসকল কোনো প্ৰকাৰে জড়িত নহয় ৷ অতুল বৰা স্বাস্থ্য মন্ত্ৰী নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে (ASHA worker slams Atul Bora) ? যদিহে মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে ৰাজ্যখনৰ আশা কৰ্মীসকলৰ ওচৰত নিজৰ ভুলৰ ক্ষমা নিবিচাৰে তেনেহ'লে অনাগত দিনত আশা কৰ্মীসকলে আৰু অধিক শক্তিশালী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে । 

ইফালে ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে এনেদৰে আশাকৰ্মীসকলক উদ্দেশ্যি কৰা মন্তব্যৰ পাছতে সকলোৱে মন্ত্ৰীগৰাকীক একেমুখে গৰিহণা দিয়া দেখা গৈছে । অৱশ্যে ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ পাছতে মন্ত্ৰীগৰাকীয়ে কি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Nutritional status in Assam: ৰাজ্যত ৰক্ত আৰু পুষ্টিহীনতাত ভোগা শিশু মহিলাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.