Bhupen Bora criticizes BJP: প্ৰতিটো স্তৰত বিভাজনৰ ৰাজনীতি বিয়পাই দিব বিচাৰিছে বিজেপিয়ে; ভূপেন বৰা

By

Published : Nov 27, 2022, 8:47 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশত এক জন জাগৰণ সৃষ্টিৰ লক্ষ্যৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ (Congress leader Rahul Gandhi) নেতৃত্বত দেশজুৰি আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra mass movement started by AICC)। এই যাত্ৰাৰ অংশস্বৰূপে শনিবাৰে বিধায়ক নুৰুল হুদাৰ নেতৃত্বত ৰূপহীহাট সমষ্টিত বিশাল পদযাত্ৰাৰে 22 তম ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচী ৰূপায়ন কৰে । পদযাত্ৰাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ লগতে বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীও উপস্থিত থাকে । পদযাত্ৰাত অংশগ্ৰহণ কৰি ভূপেন বৰাই কয়, "বিজেপি চৰকাৰে বিভাজনৰ ৰাজনীতি প্ৰত্যকটো স্তৰত বিয়পাই দিব বিচাৰিছে কিন্তু বিজেপি চৰকাৰৰ এই মনোকামনা আমি পূৰণ হ’ব নিদিওঁ"৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.