Protest in Rangia: ৰঙিয়াত অংগনবাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ

By

Published : Oct 21, 2022, 8:54 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদত উত্তাল ৰঙিয়া(Anganwadi workers-helpers protest in Rangia) । প্ৰাপ্য মজুৰি বিচাৰি পাঁচ সহস্ৰাধিক অংগনবাড়ী কৰ্মী-সহায়িকাৰ ৰঙিয়া নগৰত প্ৰতিবাদী সমদল(Anganwadi workers-helpers protest demanding due) । উল্লেখ্য যে, শুকুৰবাৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিশাল সমাবেশ অনুষ্ঠিত হয় । ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাত সহস্ৰাধিক অঙ্গনবাড়ী কৰ্মী সহায়িকাই তেওলোকৰ প্ৰাপ্যৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই ৰাজপথ উত্তাল কৰি তোলে । অংগনবাড়ী কৰ্মী-সহায়িকা সকলে প্ৰথমে ৰঙিয়া নগৰত ঈদগাহ মৈদানত অনুষ্ঠিত মুকলি অধিবেশন অনুষ্ঠিত কৰে । এই অধিবেশনতে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে অতি নিম্ন মানৰ মাননী লাভ কৰি অহাৰ ক্ষেত্ৰত সদৌ ভাৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকা ফেডাৰেচনৰ সাধাৰণ সম্পদিকা এ আৰ সিন্ধুয়ে‌‌ ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে দৰমহা বৃদ্ধিৰ বাবে চৰকাৰক দাবী জনায় ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.