Amritpal Singh Parents in Dibrugarh: কাৰাবন্দী খালিস্তানী নেতা অমৃতপাল সিঙক সাক্ষাৎ পিতৃ-মাতৃৰ

By

Published : May 18, 2023, 3:31 PM IST

thumbnail

মৰাণ, 18 মে’: কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে অমৃতপাল সিংসহ 10 গৰাকী খালিস্তানী নেতাক (Amritpal Singh Parents in Dibrugarh)  ইয়াৰ পিচৰে পৰা খালিস্তানী নেতাকেইজনক সাক্ষাৎ কৰিবলৈ ইজনৰ পিছত সিজনকৈ পৰিয়ালৰ লোকৰ সোঁত বৈছে ডিব্ৰুগড়লৈ (Amritpal Singh latest news)৷ বৃহস্পতিবাৰে ৱাৰিছ পঞ্জাৱৰ দেৰ মুৰব্বী অমৃতপাল সিঙক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত হৈছেহি পৰিয়ালৰ লোক(Amritpal Singh in Dibrugarh jail) ৷

কাৰাবন্দী খালিস্তানী নেতা অমৃতপাল সিঙক সাক্ষাতৰ উদ্দেশ্যে ডিব্ৰুগড় কাৰাগাৰত উপস্থিত হয় পিতৃ তৰচেম সিং আৰু মাতৃ বলিন্দৰ সিং৷ যোৱা 23 এপ্ৰিলৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰাত কাৰাৰুদ্ধ হৈ আছে ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বীগৰাকী ৷ 

আজি অৰ্থাৎ বৃহস্পতিবাৰে ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙক কাৰাগাৰত সাক্ষাৎ কৰিব পিতৃ-মাতৃয়ে (Amritpal Singh Parents comes to meet their son)৷ পিতৃ-মাতৃৰ লগতে এগৰাকী অধিবক্তাও আহিছে বুলি অমৃতপালৰ পৰিয়ালৰ লোকে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷ 

লগতে পঢ়ক: Amritpal Singh updates: কটকটীয়া নিৰাপত্তা বেষ্টনীৰে ডিব্ৰুগড় পালেহি অমৃতপাল সিং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.