Amrit kaal vimarsh: অসম ডনবস্ক' বিশ্ববিদ্যালয়ত অমৃত কাল বিমৰ্শ শীৰ্ষক কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 8:47 PM IST

thumbnail

গুৱাহাটী, 14 নৱেম্বৰ : আজি শিশু দিৱস । সমগ্ৰ দেশে পালন কৰিছে শিশু দিৱস । শিশু দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ আজাৰাস্থিত অসম ডনবস্ক' বিশ্ববিদ্যালয়ত ( ASSAM DONBOSCO UNIVERSITY) উদযাপন কৰা হয় অমৃত কাল বিমৰ্শৰ ।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতাত আৰু ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰচেষ্টাত সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ সহযোগত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰ হিচাবে গঢ় দিয়াৰ উদ্দেশ্যে আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । এই আলোচনা চক্ৰৰ উদ্দেশ্য হ’ল আগন্তুক 2047 চনৰ ভিতৰত এখন সম্পদশালী ভাৰতৰ উন্নতিৰ মূল উপাদান গঠন কৰা আৰু ইয়াক কার্যকৰী কৰাৰ বাবে পৰিৱৰ্তনশীল সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনাৰ পোষকতা কৰা ।

বাৱৰী গোটৰ অধ্যক্ষ তথা "থিংক ইণ্ডিয়া" ৰ প্ৰতিষ্ঠাপক বিনোদ বাৱৰীয়ে আগন্তুক 2047 চনৰ ভিতৰত ভাৰতক বিশ্বশক্তি হিচাপে উত্থানৰ বাবে এক কৌশলগত পৰিকল্পনা শীৰ্ষক এক উন্নয়নমূলক বক্তৃতা প্ৰদান কৰে । এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা প্ৰশ্ন উত্তৰ শিতানত বহুতো উন্নয়নমূলক আলোচনা হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম ডনবস্ক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ ড৹ জোচে পালেলী, অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল ।

লগতে পঢ়ক : Children’s Day 2023: গীত-মাতেৰে হোজাইত শিশু দিৱস পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.