আজিৰ পৰা আৰম্ভ সদৌ অসম ভাওনা সমাৰোহ- 2024

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 3:48 PM IST

thumbnail

মাজুলী, 18 জানুৱাৰী : আজিৰে পৰা মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত আৰম্ভ হৈছে সদৌ অসম ভাওনা সমাৰোহ-2024 ৷ সদৌ অসম ভাওনা সমাৰোহক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা 14 হাজাৰ মহিলাই একত্ৰিতভাৱে পৰিৱেশন কৰা দিহা নামেৰে উদ্বোধন হ’ল এই ভাওনা সমাৰোহ ৷

মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰই প্ৰতি দুবছৰৰ মূৰে মূৰে সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰি আহিছে এই ভাওনা সমাৰোহ ৷ এইবছৰ এই ভাওনা সমাৰোহখনি 13 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৷ ভাওনা সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ 27 টা ভাওনাৰ দলে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰে 24 খন ভাওনা প্ৰতিযোগিতাৰ বাবে প্ৰদৰ্শন হ’ব ৷ 

লগতে পঢ়ক : 13 দিনীয়া কাৰ্যসূচীৰে মাজুলীৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত অসম ভাওনা সমাৰোহ ২০২৪

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.