Barpeta Award 2023: বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অক্ষয় কুমাৰ মিশ্ৰক ২০২৩ বৰ্ষৰ 'বৰপেটা বঁটা' প্ৰদান

By

Published : Apr 15, 2023, 10:14 PM IST

thumbnail

বৰপেটা, ১৫ এপ্ৰিল : সত্ৰনগৰী বৰপেটাৰ সমাজ-সাহিত্য-সংস্কৃতিৰ পুৰোধা ব্যক্তি, বিশিষ্ট সাহিত্যিক, শিক্ষাৰত্ন বঁটাপ্ৰাপক, কলাগুৰু বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰক বৰপেটা বঁটা প্ৰদান কৰা হয় ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহুৰ অনুষ্ঠানত অক্ষয় কুমাৰ মিশ্ৰক বৰপেটাৰ জিলা উপায়ুক্ত আয়ুষ গৰ্গ আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাই 'বৰপেটা বঁটা' প্ৰদান কৰে ৷ সাহিত্যিকগৰাকীক গামোচা, চেলেং চাদৰ, শৰাই, জাপি, প্ৰশস্তি পত্ৰ আৰু নগদ দহ হাজাৰ টকাসহ সন্মানীয় 'বৰপেটা বঁটা' প্ৰদান কৰা হয় (Akshay Kumar Mishra awarded with Barpeta Award) ৷

সাহিত্য, সমাজসেৱা, শিক্ষকতা, সাংবাদিকতা আদি বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশিষ্ট সাহিত্যিকগৰাকীক বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এই বঁটা প্ৰদান কৰে (Barpeta Award 2023) ৷ উল্লেখ্য যে, বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে পহিলা ব'হাগৰ দিনটোত জাতিটোলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ৰাজ্যৰ একোগৰাকী বিশিষ্ট ব্যক্তিক 'বৰপেটা বঁটা' প্ৰদান কৰি আহিছে ৷ 

উল্লেখ্য যে, অক্ষয় কুমাৰ মিশ্ৰৰ এতিয়ালৈকে ২৬ খন গ্ৰন্থ, ১৫খন সম্পাদিত গ্ৰন্থৰ লগতে অসংখ্য নিবন্ধ প্ৰকাশ হৈছে ৷ লেখা-মেলাৰ লগতে শিক্ষকতা, সাংবাদিকতা আদি দিশেৰেও অসমীয়া সমাজখনলৈ অনবদ্য অৱদান আগবঢ়াই অহা সাহিত্যিকগৰাকীয়ে বৰপেটা আছুৰ পৰা ব’হাগৰ প্ৰথম দিনটোতে এনেদৰে সম্বৰ্ধিত হ’বলৈ পাই অতিকে আনন্দিত বুলি প্ৰকাশ কৰে ৷ ইপিনে বৰপেটা আঞ্চলিক ছাত্ৰসন্থাৰ বিহুৰ অনুষ্ঠানটোত কেবাটাও বিহু দলে বিহু পৰিৱেশন কৰাৰ লগতে আমন্ত্ৰিত শিল্পীয়েও সংগীত পৰিৱেশন কৰে ৷

লগতে পঢ়ক : Bihu Celebration in Bihpuria: পৰম্পৰা ৰক্ষা কৰি বিহপুৰীয়াৰ মধুপুৰ গাঁৱত বোকা খেল উদযাপন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.