AJYP reaction: ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ সৰৱ AJYP

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 6:59 PM IST

thumbnail

নৱেম্বৰ,১ নৱেম্বৰ: নৱেম্বৰ মাহৰ পহিলা দিনটোতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে পুনৰ মাধমাৰ শোধালে গ্ৰাহকক ৷ জানিব পৰা মতে বাণিজ্যিক চিলিণ্ডাৰ মূল্য কেজি অনুসৰি দুশতকৈ অধিক মূল্য বৃদ্ধি কৰিলে পেট্ৰ'লিয়াম কোম্পানীবোৰে ৷ প্ৰতিমাহৰ ১ তাৰিখে পেট্ৰ'ল কোম্পানীবোৰে চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰে ৷  

বাণিজ্যিক গেছ চিলিণ্ডাৰ বৰ্ধিত মূল্যই স্বাভাৱিকতে প্ৰভাৱ পেলাব জনসাধাৰণৰ মাজত ৷ সেয়ে এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল চুতীয়াই ই টিভি ভাৰতৰ আগত পেট্ৰ'ল কোম্পানীবোৰক নাকী লগাব নোৱাৰা আৰু প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে ইন্ধনজাত সামগ্ৰী মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলি চৰকাৰকখনক তীব্ৰ সমালোচনা কৰে ৷ অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য পৰিৱৰ্তন নকৰা বাবে গৃহিনীসকলে সাময়িক সকাহ লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে ৷  

লগতে পঢ়ক: Body recovered at Abhayapuri : অভয়াপুৰীৰ দেওহাটীত উদ্ধাৰ অচিনাক্ত মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.