Protest against price hike: মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল নলবাৰী

By

Published : Apr 1, 2023, 10:22 PM IST

thumbnail

নলবাৰী, ১ এপ্ৰিল: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে শনিবাৰে নলবাৰী চহৰত দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা (AJYCP protest at Nalbari) । জীৱনদায়িনী ঔষধ, টোলগেটৰ কৰ, বিদ্যুৎ মাচুলকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিৰ উদ্যোগত চহৰখনৰ এন টি ৰোডত ৰূপায়ন কৰা হয় পুত্তলিকা দাহ কাৰ্যসূচী (AJYCP protest against price hike)।

উল্লেখযোগ্য যে , আজিৰে পৰা জীৱনদায়িনী ঔষধ , টোলগেটৰ কৰ আৰু বিভিন্ন সামগ্ৰীত মূল্যবৃদ্ধি হৈছে । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ ৰাজ্য প্ৰতিবাদমুখৰ হৈ পৰিছে (Asom Jatiyatabadi Yuba Chatra Parishad) । দৰিদ্ৰ জনতাক কোঙা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত লৈছে ইয়াৰ বিৰুদ্ধে এতিয়া সকলো চিন্তিত হৈ পৰিছে ।  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিৰ প্ৰতিবাদকাৰীসকলে" জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধি ৰোধ কৰক", "মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা নৰেন্দ্ৰ মোডী হায় হায়" আদি শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

লগতে পঢ়ক:Master Chef 1st Runners up : স্বগৃহত উপস্থিত হৈয়েই অভিজ্ঞতা ব্যক্ত কৰে ফাৰ্ষ্ট ৰাণাৰ্ছ আপ শান্তা শৰ্মাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.