AJYCP protest: মূল্য়বৃদ্ধিৰ বিৰুদ্ধে ধেমাজিত AJYCP ৰ প্ৰতিবাদ

By

Published : Apr 3, 2023, 9:46 PM IST

thumbnail

ধেমাজি, ৩ এপ্ৰিল: ৰাজ্য় চৰকাৰৰ টোলগেট কৰ, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি, বিদ্যুৎ মাচুলকে ধৰি নিত্য ব্যৱহাৰ কৰা সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবীত সোমবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Price hike of Essential Commodities) । এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ স্বৰূপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়েও  উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত টোলগেট কৰ ,জীৱনদায়িনী ঔষধ, বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AJYCP protest at Dhemaji)৷  

প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, বিজেপি হায় হায়, জীৱনদায়িনী ঔষধৰ মূল্য ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, টোল গেটৰ কৰ হ্ৰাস কৰক আদি  শ্ল'গান দিয়ে (Price hike in Assam)৷ উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি জিলা সমিতিৰ নেতা বিষ্ণু শৰ্মাই কয যে টোল কৰ বৃদ্ধিৰ ফলত ৰাজ্যত বিভিন্ন ক্ষেত্ৰত সমস্যাই গা কৰি উঠিব । পৰিৱহণৰ ক্ষেত্ৰত বাছ ভাড়া বৃদ্ধিৰ লগে লগে বিভিন্ন সামগ্ৰীৰ দামো বাঢ়িব ৷  

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি হিতেশ বাইলুঙেও চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক গৰিহনা দি অচিৰেই এই কৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায়  ৷ ইয়াৰ পিচতেই জিলা উপায়ুক্তৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে এখন স্মাৰকপত্ৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে । 

লগতে পঢ়ক: Kanaklata Baruah Inter dist women cricket: বৰপেটাত কনকলতা বৰুৱা স্মাৰক আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.