হাইকামাণ্ডে বিচাৰিলে নগাঁৱৰ পৰা 2024 ৰ নিৰ্বাচন খেলিব আব্দুল আজিজে

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 10:40 AM IST

thumbnail

নগাঁও, 15 ডিচেম্বৰ : এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নকৰে সমাজবাদী পাৰ্টীয়েও । নগাঁৱত সংবাদমেল সম্বোধন কৰি এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলক একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰিলে সমাজবাদী পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ নৱ নিযুক্ত সভাপতি আব্দুল আজিজে । বৃহস্পতিবাৰে বিয়লি নগাঁও প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে আব্দুল আজিজে ।

‘‘সমাজবাদী পাৰ্টীৰ এটা চৰিত্ৰ আছে । এই দলৰ পৰা মুলায়ম সিং যাদৱ মুখ্যমন্ত্ৰী হৈছিল আৰু তেওঁৰ পুত্ৰ অখিলেশ যাদৱো মুখ্যমন্ত্ৰী হৈছে ।’’ সংবাদমেলত এই মন্তব্য কৰে আব্দুল আজিজে । লগতে এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলে পূৰ্বেও আব্দুল আজিজক এ আই ইউ ডি এফ দলত যোগদান কৰিবলৈ অনুৰোধ জনাইছিল বুলিও মন্তব্য কৰে তেওঁ ৷ আনকি আজমল নেতৃত্বাধীন দলটোৰ সৈতে মিত্ৰতা নকৰে বুলিও স্পষ্ট কৰি দিয়ে আব্দুল আজিজে ।

তাৰোপৰি এসময়ত সংখ্যালঘু অধ্যুষিত ৰূপহীহাট সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ হৈ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়ী হৈ বিধায়ক হোৱাৰ কথাও দোহাৰে কৰে আজিজে ৷ এসময়ত আঞ্চলিক দলটোক লৈ তেওঁ গৌৰৱেৰে, ‘‘অসম গণ পৰিষদ মানে - আহিলে গম পাবি বা আহ গম পাবি নাইবা আহিছো যেতিয়া গম পোৱাই যাম’’ বুলি কৈ ফুৰাৰ কথাও কয় ।

আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত দলৰ হাইকামাণ্ডেহে বিবেচনা কৰিব বুলিও তেওঁ উল্লেখ কৰে । যদিহে হাইকামাণ্ডে বিচাৰে তেন্তে নগাঁৱৰৰ পৰা আজিজে 2024 ৰ নিৰ্বাচন খেলিব বুলিও সাংবাদিকৰ আগত দোহাৰে ৷

লগতে পঢ়ক : ধন আত্মসাতৰ অভিযোগ হাজং উন্নয়ন পৰিষদৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ হাজঙৰ বিৰুদ্ধে 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.