Student Union election: আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 9:24 PM IST

thumbnail

কলিয়াবৰ, 15 ছেপ্টেম্বৰ : শুকুৰবাৰে ঘোষণা কৰা হ’ল কলিয়াবৰৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল ৷ কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি মুঠ 15 পদৰ আটাইকেইটা পদতে আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰি আছুৰ দখললৈ আনে কলিয়াবৰ মহাবিদ্যালয় ৷ ইয়াৰ পিচতে মহাবিদ্যালয়খনত আছু সমৰ্থিত প্ৰাৰ্থীৰ লগতে উৎফুল্লিত হৈ পৰে সমৰ্থক, আছুৰ সদস্যসকল। 

কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ এই বৃহৎ জয়ৰ পিচতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগনত সম্বৰ্ধনা জনোৱা হয় আছুৰ বিজয়ী প্ৰাৰ্থীসকলক। তাৰ পাচতেই কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ কাৰ্যালয়ৰ পৰা এক বিজয় ৰেলী উলিয়াই ৷ এই ফলাফলৰ পিচতে সমগ্ৰ কলিয়াবৰতে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ আছুৱে প্ৰতিবছৰৰ  দৰে এইবাৰো পৰম্পৰা অক্ষুণ্ণ ৰাখিলে বুলি সদৰী কৰে আছুৰ নেতাই ৷

লগতে পঢ়ক: Majuli College Row : মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গোচৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.