Protst in Dibrugarh: ডিব্ৰুগড়ত মাধ্যমৰ ওপৰত হাত নিদিবলৈ চৰকাৰক আছুৰ সকীয়নি

By

Published : Jun 15, 2023, 4:12 PM IST

thumbnail

ডিব্ৰুগড়, 15 জুন: মাধ্যমৰ ওপৰত হাত নিদিবলৈ চৰকাৰক আছুৰ সকীয়নি ৷ চৰকাৰী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত দুটা বিষয় মাতৃভাষাৰ পৰিবৰ্তে ইংৰাজী ভাষাত পাঠদান কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ বৃহৎ প্ৰতিবাদ ৷  

সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো বৃহস্পতিবাৰে জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত অৰ্ধশতাধিক আছু সদস্যই শ্বহীদ ন্যাসৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি চৌকিডিঙ্গী চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ পৰা ইংৰাজী ভাষাৰ পাঠদানৰ সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ডিব্ৰগড় জিলা আছুৱে ৷ লগতে মাধ্যমৰ ওপৰত হাত নিদিবলৈ চৰকাৰক সকীয়নি প্ৰদান কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই ৷  

সভাপতি গৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাতৃভাষা ধ্বংসৰ বাবে উঠি-পৰি নামিছে ৷ আজিৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰিয়েই ৰাজ্যৰ বহু ছাত্ৰ- ছাত্ৰীয়ে ডাক্তৰ, ইঞ্জিনীয়াৰৰ লগতে ভাল প্ৰশাসনিক বিষয়া হ'ব পাৰিছে ৷ তেনেস্থলত অসমীয়া মাধ্যম সলনি কৰি ছাত্ৰ- ছাত্ৰীক পাঠদান কৰোৱাৰ কোনো যুক্তি নাই ৷ সেয়ে এই সিদ্ধান্ত চৰকাৰে বাতিল কৰক বুলি দাবী জনাই নেতাজনে ৷

লগতে পঢ়ক: Medium movement : চৰকাৰৰ বিৰুদ্ধে মাধ্যম আন্দোলনৰ সঁহাৰি বিচাৰি ড০ নগেন শইকীয়াৰ বাসগৃহত আছুৰ প্ৰতিনিধি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.