ETV Bharat / state

Medium movement : চৰকাৰৰ বিৰুদ্ধে মাধ্যম আন্দোলনৰ সঁহাৰি বিচাৰি ড০ নগেন শইকীয়াৰ বাসগৃহত আছুৰ প্ৰতিনিধি

author img

By

Published : Jun 15, 2023, 12:26 PM IST

চৰকাৰৰ বিৰুদ্ধে মাধ্যম আন্দোলনৰ সঁহাৰি বিচাৰি ড৹ নগেন শইকীয়াৰ বাসগৃহত আছুৰ প্ৰতিনিধি ৷ আন্দোলন আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশিষ্ট সাহিত্যিকগৰাকীৰ সৈতে আলোচনাত আছু নেতৃত্বৰ ৷

Medium movement
ড৹ নগেন শইকীয়াক সাক্ষাৎ আছুৰ প্ৰতিনিধিৰ

ড৹ নগেন শইকীয়াক সাক্ষাৎ আছুৰ প্ৰতিনিধিৰ

ডিব্ৰুগড়, ১৫ জুন : চৰকাৰে অসমীয়া ভাষা বিৰোধী যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই আন্দোলনৰ তীব্ৰ কৰি তোলা পৰিলক্ষিত হৈছে । চৰকাৰৰ বিৰুদ্ধে মাধ্যম আন্দোলনৰ সঁহাৰি বিচাৰি বুধবাৰে প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াৰ বাসগৃহত উপস্থিত হয় সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি । ড৹ শইকীয়াৰ বৰ্ণমালাত উপস্থিত হৈ চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই চলাই থকা আন্দোলনক সঁহাৰি আৰু পৰামৰ্শ বিচাৰি প্ৰচাৰ পত্ৰিকা প্ৰদান কৰে জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই ।

ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পাঠদানৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ আন্দোলনৰ কাৰ্যসূচী সন্দৰ্ভত প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াই কয়, ‘‘আছুৱে বহু দেৰিকৈ সাৰ পালে । যেতিয়াই বিষয়টো ওলাইছিল তেতিয়াই মই ভাবিছিলো প্ৰথম আপত্তিটো আছুৰ পৰাই আহিব । মই ইয়াৰ বিৰুদ্ধে লগে লগে প্ৰতিক্ৰিয়া অগবঢ়াইছিলো । সৌ সিদিনা আছুৱে আন্দোলন কৰিছিল’’ ।

লগতে পঢ়ক : Cyclone Biparjoy : আজি বিয়লি গুজৰাটত প্ৰৱেশৰ সম্ভাৱনা, বিপৰ্যয়ৰে মোকাবিলা কৰিবলৈ সাজু নৌসেনা

তেওঁ আৰু কয়, ‘‘তাত মাত্ৰ ১৫-২০ জনমানহে ল'ৰা দেখিছিলো । তেনেকৈ আন্দোলন হ'ব পাৰে জানো । গোটেই জাতিটো জগাবলৈ হ'লে ভিতৰৰ পৰা যদি ভাবটো নাহে আৰু তাৰ গুৰুত্বটো যদি ভালদৰে নুবুজে তেনেহ’লে আনক কেনেকৈ বুজাব । যথেষ্ট দেৰি হৈছে তথাপিও এতিয়াও আছুৱে জাতিটোক জগাই তুলিব পাৰে । শ্ল’গান দিলেই নহ’ব, গোটেই কথাবোৰ যুক্তিসংগতভাৱে নিজেই বুজি ল’ব লাগিব । তেতিয়াহে আনক বুজাব পৰা যাব’’ ।

ইফালে প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াক সাক্ষাৎ কৰি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী গগৈয়ে চৰকাৰে যেতিয়ালৈকে এই সিদ্ধান্ত বাতিল নকৰে, তেতিয়ালৈকে আছুৱে আন্দোলন অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছে ।

লগতে পঢ়ক : HSLC Paper Leak Case : HSLC ৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ অভিযোগনামা দাখিল আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.