Medium movement:চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবী আছুৰ

By

Published : Jun 15, 2023, 6:00 PM IST

thumbnail

ধেমাজি, ১৫ জুন: মাধ্যম বিতৰ্কক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আছুৰ জিলা সমিতিসমূহে । অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ধেমাজি সদৰতো সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই বিক্ষোভ প্ৰদৰ্শন কৰে  ৷  

প্ৰতিবাদকাৰীসকলে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্লোগান দিয়ে ৷ প্ৰতিবাদৰ অন্তত জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু জিলা জিলা আছুৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি চৰকাৰে দাবী মানি নল'লে আগন্তুক দিনত মাধ্যম বিৰোধী আন্দোলন অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে  ৷

লগতে পঢ়ক:Assam Flood 2023 : ৪ জিলা বানৰ কবলত; বছৰটোৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত প্ৰায় ২১ হাজাৰ লোক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.