Medium movement:মাধ্যম বিতৰ্কক লৈ AASUৰ প্ৰতিবাদত কঁপিল বৰপেটা

By

Published : Jun 15, 2023, 7:16 PM IST

thumbnail

বৰপেটা, ১৫ জুন: ৰাজ্যত মাধ্যম বিতৰ্কক লৈ আছুৰ প্ৰতিবাদ অব্যাহত । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আছুৰ জিলা সমিতিসমূহে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বৰপেটাতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সদস্যসকলে । 

বৃহস্পতিবাৰে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতা কৰি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে । বৰপেটাত চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আছুৰ বিক্ষোভ প্ৰদৰ্শন  ৷ বৰপেটা শ্বহীদ ভৱনৰ পৰা কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ সন্থাৰ নেতা কৰ্মীয়ে সত্ৰনগৰী বৰপেটা চহৰৰ মাজমজিয়াত বিক্ষোভ প্ৰদৰ্শণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । লগতে চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায় ছাত্ৰ সন্থাই । উক্ত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ আৰু বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰে ৷

লগতে পঢ়ক:NEP 2020: ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 এ অসমলৈ ব্যাপক পৰিৱৰ্তন আনিব; আশাবাদী মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.