AASU Protest in Morigaon: মাধ্যম বিতৰ্কক লৈ মৰিগাঁৱত আছুৰ প্ৰতিবাদ

By

Published : Jun 15, 2023, 5:28 PM IST

thumbnail

মৰিগাঁও, 15 জুন: বৃহস্পতিবাৰে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতা কৰি মৰিগাঁও চহৰৰ মাজমজিয়াত মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৷ মৰিগাঁৱৰ মাজমজিয়াত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা ছাত্ৰ সন্থাই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কেইবাশতাধিক প্ৰতিবাদী ছাত্ৰ কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল’গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷  

ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ৷ মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ নিয়া অসম চৰকাৰ হায় হায়, অসম চৰকাৰ গ'বেক, মাতৃভাষা ছাত্ৰ-ছাত্ৰীৰ জন্মস্বত্ব অধিকাৰ, ছাত্ৰ-ছাত্ৰীক অসমীয়া ভাষাৰ জৰিয়তে শিক্ষা দিয়ক আদি বিভিন্ন শ্ল’গানেৰে মৰিগাওঁ ছাত্ৰ সন্থাই কঁপাই তোলে মৰিগাওঁ চহৰৰ মাজমজিয়া ৷ 

মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিয়ে কয় যে ছাত্ৰ সন্থাৰ স্পষ্ট কথা অসম চৰকাৰৰ অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্তক মানি লোৱা নাই আৰু ভবিষ্যতেও মানি লোৱা নহ’ব ৷ 

লগতে পঢ়ক: Protst in Dibrugarh: ডিব্ৰুগড়ত মাধ্যমৰ ওপৰত হাত নিদিবলৈ চৰকাৰক আছুৰ সকীয়নি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.