Medium movement : AASU ৰ প্ৰতিবাদত কঁপিল যোৰহাট

By

Published : Jun 15, 2023, 5:09 PM IST

thumbnail

যোৰহাট,১৫ জুন: যোৰহাট জিলা ছাত্র সন্থা প্ৰতিবাদত কঁপিল যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় প্ৰৱেশ দ্বাৰ । মাতৃভাষা ৰক্ষাৰ আন্দোলনত জঁপিয়াই পৰিল সদৌ অসম ছাত্র সন্থা । কাৰণ ৰাজ্য চৰকাৰে জোৰ-জবৰদস্তি কৰি জাঁপি দিছে ইংৰাজী মাধ্যম । সেয়ে সদৌ অসম ছাত্ৰসন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে যোৰহাট জিলা ছাত্র সন্থাই গ্ৰহণ কৰে এক বিক্ষোভ কাৰ্যসূচী ।  

অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰাৰ দাবীত ছাত্র সন্থাই যোৰহাট জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে যি সময়ত চিকিৎসা বিজ্ঞান বিষয় পাঠ্যক্ৰম অসমীয়াত পঢ়িবৰ বাবে আহ্বান জনাইছে তেনে সময়ত অসম চৰকাৰে লোৱা অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাট জিলা ছাত্র সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এই অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্তক প্ৰত্যাহাৰ জনাবলৈ দাবী জনাই যোৰহাটৰ উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে । 

লগতে পঢ়ক: NEP 2020: ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 এ অসমলৈ ব্যাপক পৰিৱৰ্তন আনিব; আশাবাদী মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.