BJP meeting in Darrang; অসমত আপৰ কোনো অস্তিত্ব নাই : জয়ন্ত মল্ল বৰুৱা

By

Published : Apr 9, 2023, 10:49 PM IST

thumbnail

মঙলদৈ, 9 এপ্ৰিল : ‘‘আম আদমি পাৰ্টী ভাৰতবৰ্ষৰ ভিতৰতে শৃংখলা নোহোৱা এটি দল । অসমত আপৰ কোনো অস্তিত্ব নাই ।’’ আম আদমি পাৰ্টী সন্দৰ্ভত দেওবাৰে সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah Criticized AAP) ৷

বিজেপিৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰা উদ্দেশ্যে দেওবাৰে দৰং জিলা পাতি দৰঙত অনুষ্ঠিত হয় বিজেপিৰ এখন কৰ্মী সভা (BJP meeting in Darrang)৷ এই সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই সভাতে মন্ত্ৰীগৰাকী আম আদমি পাৰ্টী সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভপতি ভূপেন বৰাৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাৰ মন্তব্য ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী বৰুৱাই ৷

উল্লেখ্য যে, দৰঙত অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীকে ধৰি বিজেপিৰ কৰ্মকৰ্তাসকল ৷

লগতে পঢ়ক : Assam CM comment on MAAL : আকৌ কাক কিয় ‘মাল’ বুলি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.