Theft incident : চিমেন চাপৰিত একে নিশাই ৭ খন দোকানত চুৰি; চিচি টিভিত বন্দী চোৰৰ দৃশ্য

By

Published : May 5, 2023, 5:29 PM IST

thumbnail

জোনাই, 5 মে’ : চিমেন চাপৰিত বুধবাৰে নিশা এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয় । একেলগে সাতখন দোকানত চুৰিকাৰ্য চলালে চোৰে ৷ চিমেন চাপৰিৰৰ জেক্স, গেলামাল, সুতা, ফাৰ্নিচাৰ, কচমেটিক দোকানকে ধৰি মুঠ ৭ খন দোকনত চোৰে ওপৰৰ টিন আৰু চিলিং ভাঙি প্ৰৱেশ কৰে আৰু কেইবালাখ নগদ টকাৰ লগতে দোকানৰ দামী দামী সামগ্ৰী লুটি লৈ যায় (a thief theft seven shops at Simen Chapori ) ৷

ইফালে, দোকানৰ ভিতৰত থকা চিচি টিভিত চোৰৰ সমগ্ৰ কাণ্ড ৰেকৰ্ড হৈছে । ৰাতিপুৱা স্বত্বাধিকাৰীয়ে দোকান খোলাৰ পিচতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে । দোকান কেইখনৰ স্বত্ত্বাধিকাৰীসকলে চিমেন চাপৰি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰাৰ লগতে চিচি টিভি ফুটেজো পুলিচক গতাই দিয়ে । চিমেন চাপৰি আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে (Simen Chapori theft incident)৷

লগতে পঢ়ক : Financial Corruption in Sarva Shiksha Office: ডিব্ৰুগড় জিলা সৰ্বশিক্ষা কাৰ্যালয়ত ধনৰ হৰলুকি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.