বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযানৰ বিশেষ অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 4:49 PM IST

thumbnail

নলবাৰী, ৩০ নৱেম্বৰ : ‘আমাৰ সংকল্প বিকশিত ভাৰত’ শীৰ্ষক এক বিশেষ অনুষ্ঠান নলবাৰীত অনুষ্ঠিত হয় । কেন্দ্ৰীয় চৰকাৰৰ হিতাধিকাৰী আঁচনিক লৈ অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান । যথেষ্ট সংখ্যক হিতাধিকাৰীৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে ।

নলবাৰীৰ পকোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত জাগাৰাত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ কুইন ওজা । ডিচপ্লে যোগে প্ৰধানমন্ত্ৰীৰ ভাষণ শুনে হিতাধিকাৰীসকলে । কাৰিকৰী অসুবিধাৰ বাবে ভালেখিনি সময় এই কাৰ্যসূচীত অসুবিধাৰ সৃষ্টি হয় ৷

ইপিনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০৪৭ চনত এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ নিমিত্তে যি প্ৰচেষ্টা চলোৱা হৈছে সেয়া সফল হ’বই বুলি দাবী কৰে । বিকশিত ভাৰতৰ বাবে যি আঁচনি লোৱা হৈছে সকলো আঁচনিয়ে সফল হৈছে বুলি উল্লেখ কৰাৰ লগতে ১৩ কোটি দৰিদ্ৰ লোক মধ্যবিত্ত শ্ৰেণীলৈ উন্নীত হৈছে বুলিও মন্তব্য কৰে । এইয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে সফলতা বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে । পৃথিৱীৰ পাঁচ মহাশক্তিক পৰাভূত কৰি ভাৰতে শীৰ্ষ স্থান দখল কৰিব লাগিব বুলিও বক্তব্য আগবঢ়াই সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক : নলবাৰীত উষ্ম আদৰণি আছুৰ নৱনিযুক্ত উপ-সভাপতি ভৱজিৎ বেজবৰুৱাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.