Sculpture Artists in Narayanpur: ভাস্কৰ্য শিল্পী নিধিৰামৰ নিৰলস শিল্প চৰ্চা

By

Published : Mar 18, 2023, 5:41 PM IST

thumbnail

বিহপুৰীয়া,১৮ মাৰ্চ: এগৰাকী প্ৰচাৰ বিমুখ ভাস্কৰ্য শিল্পী ৷ তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠে কাঠৰ টুকুৰাও ৷ কাঠৰ টুকুৰাবোৰ কাটি তেওঁ বহু বছৰ ধৰি নিৰৱছিন্নভাৱে খোদিত কৰি গৈছে চৰাই চিৰিকটি, জীৱ-জন্তু, অসমৰ জাতীয় প্ৰতীক গঁড় আদিৰ নিপুন ভাস্কৰ্য ৷ সেই নিপুন শিল্পীগৰাকী হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ফান্দিবাৰীৰ নিধিৰাম ভূঞা(A sculptors art pursuit in Narayanpur) ৷  

নিপুন ভাস্কৰ্য শিল্পীগৰাকীয়ে কাঠৰ লগতে বালি, চিমেণ্টৰ দ্বাৰাও তেওঁ জীৱন্তৰূপে নিৰ্মাণ কৰি উলিয়াইছে বহু গণ্যমান্য লোকৰ প্ৰতিমূৰ্তি (Narayanpur art and craft artist Nidhiram Bhuyan) ৷ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিকে আৰম্ভ কৰি তেওঁ নিৰ্মাণ কৰি উলিয়াইছে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, ড৹ এ পি জে আব্দুল কালাম, গায়ন-বায়ন আদিৰ প্ৰতিমূৰ্তি ৷ কিন্তু পৰিতাপৰ বিষয় যে, ভাস্কৰ্য শিল্পৰ লগত জড়িত এইগৰাকী শিল্পীয়ে আজিলৈকে নাপালে কোনো আনুষ্ঠানিক স্বীকৃতি(Sculptor Nidhiram Bhuyan) ৷  

দৃষ্টিগোচৰ নহ'ল কোনো এগৰাকীও ৰজাঘৰীয়া লোকৰ ৷ বৰ্তমানৰ নৱ-প্ৰজন্মক ভাস্কৰ্য শিল্পৰ প্ৰশিক্ষণ দিবলৈয়ো সাজু শিল্পীগৰাকী ৷ ভাস্কৰ্য শিল্পসমূহ প্ৰদৰ্শনৰ লগতে বিক্ৰী কৰি লাভ কৰা অৰ্থৰে পৰিয়ালৰ পোহপাল দিয়াৰ উপৰিও প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ শিল্পী নিধিৰামৰ পৰ্যাপ্ত ধনৰ অভাৱ ৷ এই ক্ষেত্ৰত আৰ্থিক সহায়ৰ প্ৰয়োজন শিল্পীগৰাকীক ৷ চৰকাৰৰ অকণমান সঁহাৰিয়ে হয়তো শিল্পীগৰাকীক শিল্প চৰ্চাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ কিছু প্ৰেৰণা দিব ।

লগতে পঢ়ক: Jayamati Award To Hemprabha Chutia: পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াক জয়মতী বঁটা প্ৰদান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.