Relgion Conversion in Majuli: খ্ৰীষ্ট ধৰ্ম এৰি পুনৰ সনাতন ধৰ্মৰে দীক্ষিত হ’ল মাজুলীৰ এটা পৰিয়াল

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 7:05 PM IST

thumbnail

মাজুলী, 4 ছেপ্টেম্বৰ : আজি মাধৱদেৱৰ তিৰোভাৱ তিথি ৷ খ্ৰীষ্ট ধৰ্ম এৰি পুনৰ সনাতন ধৰ্ম দীক্ষিত হ’ল মাজুলীৰ দুই নং বৰগঞাৰ ৰমেন পায়েং নামৰ লোকজনৰ পৰিয়াল ৷  জানিব পৰামতে ৰমেন পায়েঙৰ পৰিয়ালে কিছু বছৰৰ পূৰ্বে সনাতন ধৰ্ম এৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল । তাৰ পিচতে পৰিয়ালটোৱে পুনৰ মাধৱ দেৱৰ তিৰোভাৱ তিথিৰ ক্ষণতে খ্ৰীষ্ট ধৰ্ম এৰি পুনৰ সনাতন ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । পৰিয়ালটোৱে সোমবাৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ পৰা নিৰ্মালি গ্ৰহণ কৰিলে সনাতন ধৰ্মলৈ ঘূৰি আহে  । 

সত্ৰাধিকাৰগৰাকীয়ে কয় যে, এই পৰিয়ালটিয়ে কিবা কাৰণৱশতঃ কিছু বছৰৰ পূৰ্বে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল যদিও পুনৰ গুৰুজনাৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সনাতন ধৰ্মৰে দীক্ষিত হ’ল ৷ এইটো সকলোৰে বাবে এটা ভাল খবৰ । সত্ৰাধিকাৰগৰাকীয়ে লগতে কয় যে, আমি সকলোকে একত্ৰিত কৰি আগুৱাই লৈ যাব লাগে ।

লগতে পঢ়ক: Youth dies of drug overdose : অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকৰ মৃত্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.