74th Republic Day: মৰিগাঁৱত পতাকা উত্তোলন উপায়ুক্ত দেবাশীষ শৰ্মাৰ

By

Published : Jan 26, 2023, 6:13 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত উদযাপন কৰা হয় দেশৰ ৭৪ সংখ্যাক গণৰাজ্য দিৱস(74th Republic Day) । মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাই প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে(Morigaon DC Devashish Sharma) । গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত উপায়ুক্ত দেবাশীষ শৰ্মাই সকলোলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জনায় ৷

বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰূপে ভাৰতবৰ্ষই ৭৪ বৰ্ষ অতিক্ৰম কৰা পবিত্র ক্ষণত উপায়ুক্তগৰাকীয়ে স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ বিশেষকৈ মৰিগাঁৱৰ বিয়াল্লিশৰ ছহিদ হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ, তিলক ডেকাৰ জাতি আৰু দেশৰ প্ৰতি থকা ত্যাগৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় উপায়ুক্ত দেবাশীষ শৰ্মাই(1942 Swahid in Assam) ।

তেওঁ একেদৰে মহদা গোঁসাই, কৃষ্ণানন্দ ব্ৰহ্মচাৰী, ধৰ্মকান্ত বৰঠাকুৰ, হৰকান্ত বৰকাকতি, খৰ্গচিং ডেকা, নৃপেন পাটৰ, পাহচিং কোঁৱৰ, মনোৰম তামুলী, বাপুৰাম বৰকাকতি, ভদ্ৰসেন ডেকা, মতিৰাম বৰা, সোমেশ্বৰ ডেকা, কৃলাৰাম ডেকা, তাৰানাথ বৰদলৈ, দেবেন্দ্ৰনাথ হাজৰিকা, মৃত্যু বাহিনীৰ অধিনায়ক সূচেন্দ্ৰনাথ ডেকা, ঘনকান্ত বৰুৱা, শশীকান্ত হাজৰিকাৰ অৱদানৰ বিষয়েও সদৰী কৰে ।

তেওঁ জিলাখনৰ স্বাস্থ্য, পৰিয়াল কল্যাণ বিভাগৰ অধীনত ২০২২ বৰ্ষত ১০,১৯৫ গৰাকী প্ৰসূতি মাতৃত্ব লাভ কৰাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় । ইফালে জিলাখনৰ ৫৫৯৮৪ জন কৃষকক বিভিন্ন আঁচনিৰ জৰিয়তে ৬০০০ টকাকৈ প্ৰদান কৰাত তেওঁলোকৰ বাবে সহায়ক হৈছে বুলি মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে । তেওঁ লগতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে বানাক্ৰান্তসকলক সাহাৰ্য আগবঢ়োৱা কথাও অনুষ্ঠানত জানিবলৈ দিয়ে ৷ 

মৰিগাঁও জিলা জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিৰ বিৱৰণ দাঙি ধৰি উপায়ুক্তগৰাকীয়ে জিলাখনত SOPD, FDR শিতানৰ জৰিয়তে কলং, কপিলীত মথাউৰি নিৰ্মাণৰ কথা অনুষ্ঠানত ঘোষণা কৰে । ইফালে জিলা ক্ষেত্ৰীয় লোকনিৰ্মাণ সংমণ্ডলে SOPD, ASOM DARSHAN, PMGSY, ASOM MALA, RIDF আঁচনিৰ সন্দৰ্ভত বিৱৰণ দিয়ে ।

একেদৰে সমাজ কল্যাণ বিভাগ, মীন বিভাগ, পশুপালন বিভাগৰ বাণিজ্য আৰু উদ্যোগৰ জৰিয়তে ৰূপায়ন হোৱা উন্নয়নমূলক আঁচনিৰো ৰূপৰেখা দাঙি ধৰে মৰিগাঁও জিলাৰ উপায়ুক্তগৰাকীয়ে । গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী কৃষক, উদ্যোগী, শিপিনী, পশুপালক, বিভিন্ন সামাজিক সাংস্কৃতিক দল তথা ব্যক্তিসকল পুৰস্কাৰ আৰু বঁটা প্ৰদান কৰা হয় ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.