কলগাছিয়াত অঘটন: পানীত পৰি ৬ বছৰীয়া শিশুৰ সংকটজনক অৱস্থা

By

Published : Jul 4, 2022, 12:20 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰছুলপুৰত অঘটন । ১ নং ৰছুলপুৰ গাঁৱৰ মমিন আলীৰ ৬ বছৰীয়া পুত্ৰ জুনাইদ আলী বাঢ়নী পানীত খেলি থকা অৱস্থাত হঠাৎ পৰি যায় (6 year old in critical condition after falling into water)। লগে লগে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি শিশুটিক উদ্ধাৰ কৰি ততাতৈয়াকৈ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও শিশুটি এতিয়ালৈ সুস্থ হৈ উঠা নাই। চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰাৰ পিছত অৱস্থা সংকটজনক হোৱাত বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে শিশুটিক । বৰ্তমানলৈ শিশুটিৰ অৱস্থা সংকজনক বুলিয়েই জানিব পৰা গৈছে । উল্লেখ্য যে, যোৱা বৰ্ষতো উক্ত ঠাইতে এটি চাৰি বছৰীয়া শিশুৰ সলিল সমাধি ঘটিছিল । সেয়ে পৰিয়ালৰ মাজত এক হুৱাদুৱা, আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.