Two Minors rape: দুই কিশোৰীক দলবদ্ধ ধৰ্ষণ, আৰক্ষীৰ জালত 6 ধৰ্ষণৰ অভিযুক্ত

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 10:08 PM IST

thumbnail

মৰাণ, 1 অক্টোবৰ : এটাৰ পিচত আন এটা ধৰ্ষণৰ ঘটনাই কঁপাইছে ৰাজ্য । ইয়াৰ মাজতে চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নগাকটাত দুই নাবালিকাক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছে ৷ এই ঘটনাৰ লগত জড়িত 6 অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

ঘটনা অনুসৰি যোৱা 26 ছেপ্টেম্বৰত নগাকটাত অনুষ্ঠিত কৰম পূজা চাবলৈ যোৱা সময়তেই দুই কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণৰ কৰা হয় । পৰিয়ালৰ অভিযোগ অনুসৰি, দুয়োগৰাকী ছোৱালী কৰম পূজালৈ বুলি ওলাই যোৱাৰ পিচতে পূৰ্বৰে চিনাকি হেমন্ত তেলী নামৰ এজন যুৱকে বিভিন্ন প্ৰলোভনেৰে পূজাস্থলীৰ সমীপতে থকা বাগিচাৰ মাজলৈ লৈ যায় ।

ইয়াৰ পাচতে বৰহাট বাগিচাৰ 22 নং লাইনত পূৰ্বৰে পৰা ৰৈ থকা হেমন্ত তেলীৰ সহযোগী আন ৫ যুৱক ক্ৰমে নচিব, গুদলু, পিচকা, পুছনু আৰু বল্দুজাৰে দুয়োগৰাকী নাবালিকাক হাতত ধৰি বলপূৰ্বকভাৱে বাগিচাৰ মাজলৈ নিয়াৰ পাছত ধৰ্ষণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত বৰহাট আৰক্ষী থানাত ছয় যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ ইয়াৰ পিচতে বৰহাট আৰক্ষীয়ে POCSO আইনৰ অধীনত ছয় অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক: Attempt to rape: লাহোৱালত কলেজীয়া ছাত্ৰীক ঘৰৰ ভিতৰতে ধৰ্ষণৰ অপচেষ্টা; অভিযুক্ত বিনোদ গগৈক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.