মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজনৰ মৃত্যু, তিনি আহত

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 1:06 PM IST

thumbnail

মৰিগাঁও, 4 ডিচেম্বৰ : মৰিগাঁও জিলাৰ বঙালধৰাত সোমবাৰে পুৱতি নিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷ লগে লগে আহত তিনিজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ 

ঘটনাৰ বিৱৰণী অনুসৰি, ধৰমতুল থানাৰ সমীপৰ বঙালধৰা ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা AS25CC5971 নম্বৰৰ ট্ৰাকখনত AS04BC9751 নম্বৰৰ টাটা ACE বাহনখনে পিচ ফালৰ পৰা খুন্দা মাৰি দিয়াত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাৰ সময়তে এজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে দুজনৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হয় । মৃত তিনিজন হৈছে ইউনিশ, চান্দ মহম্মদ আৰু শ্বেহজাদ ৷

আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা তিনিজনক লগে লগে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ আহত কেইজন হৈছে চাদ্দাম হুছেইন, আব্দুল কাদিৰ আৰু চলমান ৷ আটাইকেইজনৰে ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে ৷ গুৱাহাটীৰ পৰা নগাঁও অভিমুখে TATA ACE বাহনখনৰে সামগ্ৰী কঢ়িয়াই লৈ গৈ আছিল ৷

লগতে পঢ়ক: ইটা ভাটাই বিহালীৰ কৃষকলৈ কঢ়িয়াই আনিছে ভাবুকি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.