ETV Bharat / state

ইটা ভাটাই বিহালীৰ কৃষকলৈ কঢ়িয়াই আনিছে ভাবুকি

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 9:49 AM IST

ILLIGAL BRICK KLINS in Behali tezpur
ইটা ভাটাই বিহালীৰ কৃষকলৈ কঢ়িয়াই আনিছে ভাবুকি

বিহালীত অবাধে চলিছে কৃষি ভূমিৰ খনন ৷ GBI কে ধৰি একাংশ ইটা ভাটাই কঢ়িয়াই আনিছে কৃষক ৰাইজলৈ ভাবুকি ৷ একাংশ ইটাভাটাৰ মালিকে অবৈধভাৱে কৃষি ভূমি নষ্ট কৰি ইটা বনাই এফালৰ পৰা নষ্ট কৰি গৈছে শ শ কৃষি ভূমি ৷

ইটা ভাটাই বিহালীৰ কৃষকলৈ কঢ়িয়াই আনিছে ভাবুকি

বিহালী, 3 ডিচেম্বৰ: ৰাজ্যৰ বিভিন্ন অঞ্চলত গঢ়ি উঠা ইটা ভাটাই অঞ্চলসমূহৰ জনজীৱনলৈ কঢ়িয়াই আনিছে প্ৰচণ্ড ভাবুকি ৷ বিশেষকৈ জনবসতি এলেকাত স্থাপন কৰা বৰ বৰ ইটা ভাটাসমূহৰ পৰা নিৰ্গত হোৱা প্ৰদূষণে মানুহৰ ক্ষতি কৰি অহা পৰিলক্ষিত হৈছে যদিও গুৰুত্ব নাই জিলা প্ৰশাসনৰ ৷ অহৰহ নিৰ্গত হৈ থকা ধোঁৱাই বিহালীৰ বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকক ৰুগীয়া কৰি তোলাৰ পিছতো নিমাত ভূমিকাত প্ৰশাসন তথা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ৷

ইটা ভাটাৰ পৰা নিৰ্গত হোৱা ধোঁৱা তথা প্ৰদূষণে স্বাস্থ্য, জীৱ-জন্তু, কৃষি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন কৰাৰ আশংকাত দিন পাৰ কৰিবলগীয়া হৈছে ৰাইজে । ইফালে একাংশ ইটাভাটাৰ মালিকে অবৈধভাৱে কৃষি ভূমি নষ্ট কৰি ইটা নিৰ্মাণ কৰি এফালৰ পৰা শ শ কৃষি ভূমি নষ্ট কৰি যোৱাৰ পিচতো বিশ্বনাথ চক্ৰ বিষয়া তথা ৰাজহ বিভাগ নিমাত হৈ থকা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ । বিহালী সমষ্টিত কৃষিভূমি খননৰ এই কাৰ্যই একাংশ সচেতন ৰাইজক চিন্তিত কৰি তুলিছে ৷

উল্লেখ্য যে, বিহালীৰ কেটেলা পথাৰত থকা GBI ইটা ভাটাটোৱে গাওঁখনত কৃষি কাৰ্যৰ সৈতে জড়িত 80% লোকক সমস্যাত পেলাইছে ৷ ইফালে, এইদৰে কৃষিভূমি খনন কৰি ইটা নিৰ্মাণ কৰি কৃষি ভূমি নষ্ট কৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ সচেতন লোক । লোকসকলৰ অভিযোগ অনুসৰি, একাংশ ইটাভাটাৰ মালিকে ভূ-সুৰক্ষা আইন, খনন আইন সম্পূৰ্ণ ভংগ কৰি কৃষিভূমি নষ্ট কৰি গৈছে যদিও জিলা প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰি যোৱা পৰিলক্ষিত হৈছে ৷ এই কাৰ্যক তীব্র সমালোচনা কৰি স্থানীয় লোকসকলে কৃষিভূমি খনন আৰু প্ৰদূষণ সৃষ্টি কৰা এই ভাটাটোৰ ক্ষেত্ৰত জিলা আয়ুক্তক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: মৈৰাবাৰীত অবৈধ ইটাভাটা উচ্ছেদ, জিলা আয়ুক্তৰ কঠোৰ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.