APSC CCE final result declared: APSCৰ ২২ সংখ্যক স্থানত উজলিল কলিয়াবৰৰ টিংকুজ্যোতি চৌধুৰী

By

Published : Oct 21, 2022, 10:41 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

আজি ঘোষণা হ’ল ঘোষণা হ’ল APSC ৰ ফলাফল (APSC CCE final result declared) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাতিলৰ চৰকাৰী সিদ্ধান্ত বাহাল ৰখাৰ পাছতে এই পৰীক্ষাৰ ফলাফল ঘোষণা ৷ ২০২০ বৰ্ষৰ WP(C) নং ৫১৬৯ ৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২১/১০/২০২২ তাৰিখৰ নিৰ্দেশ আৰু কিছু আবেদন মানি আজি অসম চৰকাৰৰ অসম অসামৰিক সেৱা, আৰক্ষী সেৱা, কৰ অধীক্ষককে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদবীৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হয় (Final Results of CCE-2020 announced) । এই পৰীক্ষাৰ ফলাফলত অসম আৰক্ষী সেৱাৰ ২২ সংখ্যক স্থানত উজলিল কলিয়াবৰৰ বৰুৱাচুকৰ টিংকুজ্যোতি চৌধুৰী নামৰ কৃতি যুৱকজন (22nd rank of APSC secured by Tinkujyoti Chowdhury) । কলিয়াবৰৰ বৰুৱা চুকৰ শিক্ষক পিতৃ-মাতৃৰ সুযোগ্য সন্তান টিংকুৱে কটন বিশ্ববিদ্যালয়ৰ পৰা বায়' টেক্‌নলজী বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত দিল্লীত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ লৈ প্ৰথমবাৰ অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অৱতীৰ্ণ হৈ এই সফলতা লাভ কৰে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.