Tragic road mishap : কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:24 PM IST

thumbnail

কৰিমগঞ্জ, 1 ছেপ্টেম্বৰ : কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ কৰিমগঞ্জৰ পেটেলনগৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। 

জানিব পৰা মতে, শুকুৰবাৰে পথৰ কাষত থিয় হৈ থকা এখন ১২ চকীয়া ল’ৰীত আন এখন ল’ৰীয়ে খুন্দা মাৰে। ফলত থিতাতে মৃত্যু হয় সহ-চালকজনৰ। ইফালে এই দুৰ্ঘটনাৰ তীব্ৰ শব্দ শুনি চুবুৰীৰ ৰাইজে সেই স্থানত আহি লগে লগে আৰক্ষীক খবৰ দিয়ে।  

স্থানীয় আৰক্ষীয়ে খবৰ লাভ কৰিয়েই ক্ৰেন আৰু জেচিবি ব্যৱহাৰ কৰি মৃত ব্যক্তিজনক ল’ৰীখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ যায়। ইফালে এই পৰ্যন্ত মৃত লোকজনৰ পৰিচয় জানিব পৰা নাই ৷ সম্প্ৰতি আৰক্ষীয়ে মৃতদেহটো কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰাখিছে ৷ 

লগতে পঢ়ক: Two child killed by mother: দুই কণমানিক হত্যা কৰিলে নিজ মাতৃয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.