Devastating fire in Hojai : পিয়লি বজাৰত অগ্নিকাণ্ডত জাহ গ’ল ৭০ খনকৈ বিপণী

By

Published : Apr 9, 2022, 10:59 AM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

হোজাই জিলাৰ লংকাৰ পিয়লি বজাৰ (Lanka Piyoli Market) ত শনিবাৰে পুৱতি নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড (Massive fire in piyoli market at Lanka) । এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় প্ৰায় ৫০-৭০ খনকৈ বিপণী । অগ্নিকাণ্ডৰ সন্দৰ্ভত ততাতৈয়াকৈ খবৰ দিয়া হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক ৷ পৰৱৰ্তী সময়ত সাতখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । স্থানীয় লোকে সদৰি কৰা অনুসৰি, এই জুইত জাহ যায় প্ৰায় তিনিৰ পৰা চাৰি কোটি টকাৰ সা-সম্পত্তি । অৱশ্যে এই জুইৰ সূত্ৰপাতৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় লোকৰ (Fire incident at Lanka) ।

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.