Wild elephant menace: বনৰীয়া হাতীৰ উপদ্ৰৱত চামগুৰিবাসী ৰাইজৰ নিদ্ৰাহৰণ

By

Published : Nov 3, 2022, 1:33 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant Conflict in Assam) ৷ আন জিলাৰ লগতে নগাঁৱতো হাতী-মানুহৰ সংঘাতে জটিলৰূপ ধাৰণ কৰিছে (Elephant terror in Nagaon)। বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত থকা চামগুৰি অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেৰে সময় অতিবাহিত কৰিবলগীয়া হৈছে । উক্ত অঞ্চলটোৰ শালপাৰা, নম্বৰীত বনৰীয়া হাতীৰ তাণ্ডৱ অব্য়াহত আছে । নিশা হ'লেই সাত-আঠটা হাতী থকা জাকে তাণ্ডৱ চলাইহি ধাননি পথাৰৰ লগতে মানুহৰ ঘৰ-বাৰীত । উপায়হীন ৰাইজে ফটকা ফুটাই, জুই জ্বলাই খেদিছে হাতী । ইফালে, হাতীৰ উপদ্ৰৱত ভুক্তভোগী ৰাইজে এতিয়া উদং পথাৰলৈ চাই মূৰে-কপালে হাত দিবলগীয়া হৈছে (Elephant terror in paddy field at Salpara) ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.