Students protest at Abhayapuri: ৰাজীৱ গান্ধী মেম'ৰিয়েল কলেজত নিৰ্বাচনী হিংসা

By

Published : Oct 23, 2022, 4:17 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লেংটিছিঙাৰ ৰাজীৱ গান্ধী মেম'ৰিয়েল কলেজত নিৰ্বাচনী হিংসা (Election violence at Rajiv Gandhi Memorial College) সংঘটিত হৈছে । শণিবাৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচনক (Student Union Election at Rajiv GandhiCollege) লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ৰ মূল প্ৰবেশদ্বাৰত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰে (Students protest at Abhayapuri)। মহাবিদ্যালয়‌খনত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অনিয়মৰ বাবেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । উল্লেখ্য় যে নিৰ্বাচনী জাননী জাৰী কৰাৰ পিছতো নিৰ্বাচন অনুষ্ঠিত নকৰাত ক্ষুব্ধ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী । উত্তপ্ত পৰিস্থিতিৰ মাজতে সংঘটিত হয় প্ৰচণ্ড মাৰপিট । উক্ত ঘটনাটোত মহাবিদ্যালয়খনৰ দুজন ছাত্র গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । ইয়াৰ পিছতেই মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বাহিৰা শক্তিৰ হস্তক্ষেপত মাৰপিটৰ ঘটনা সংঘটিত হয় । পিছত অভয়াপুৰী আৰক্ষী আৰু লেংটিছিঙা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইপিনে,অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰ ঘটনাস্থলীত উপস্থিত হয় ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.