ৰাস উৎসৱৰ অন্তিম আখৰাত ব্যস্ত কলিয়াবৰৰ কুঠৰীবাসী

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 10:14 AM IST

Updated : Nov 26, 2023, 10:36 AM IST

thumbnail

কাজিৰঙা, 26 নৱেম্বৰ : আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হ’ব ৰাস মহোৎসৱ ৷ উদুলি-মুদুলি পৰিৱেশ মাজুলীত ৷ খোল-তাল, বাঁহীৰ সুৰত মুখৰিত ৰাজ্যৰ চৌদিশ ৷ সমান্তৰালকৈ কলিয়াবৰৰ কুঠৰীটো এদিনীয়াকৈ আয়োজন কৰা হৈছে ৰাস মহোৎসৱ ৷ অহা 27 নৱেম্বৰত আয়োজন কৰা ৰাস মহোৎসৱক লৈ ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে কলিয়াবৰৰ কুঠৰীত ৷ ইফালে অঞ্চলটোৰ জীয়াৰী-বোৱাৰী সকলো ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত ।

ইফালে সাজু হৈ উঠিছে মঞ্চ ৷ সেয়ে ৰাইজক সহযোগক কৰিবলৈ আহ্বান জনাই ৰাস মহোৎসৱৰ আয়োজক কমিটিয়ে ৷ তেওঁলোকে কয়, ‘‘সংহতি আৰু সমন্বয়ৰ লক্ষ্যৰে আমি এই ৰাস মহোৎসৱ আয়োজন কৰিছো ৷ ইয়াত বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্ম, ভাষা-ভাষীৰলোকে অংশগ্ৰহণ কৰিছে ৷’’ সেয়ে উক্ত অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাইজক আহ্বান জনায় আয়োজক কমিটিয়ে ৷

লগতে পঢ়ক:ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতেই বিভিন্ন মন্তব্য কৰে আজমলে : প্ৰদ্যুৎ বৰদলৈ

Last Updated : Nov 26, 2023, 10:36 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.