নগাঁও ভোগালী উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ যতীন-প্ৰীতি কংগনা-কৃষ্ণমণিৰ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 3:28 PM IST

thumbnail

নগাঁও, ১৬ জানুৱাৰী: মঙলবাৰে পুৱাই এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে নগাঁও চহৰত । কলঙৰ বাকৰি নেহৰুবালিত ছয়দিনীয়া বিস্তীৰ্ণ কাৰ্যসূচীৰে আৰম্ভ হোৱা ভোগালী উৎসৱৰ মঙলবাৰে অনুষ্ঠিত হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা । নগাঁৱৰ নেহৰুবালিৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা, অভিনেত্ৰী প্ৰীতি কংগনা, শিল্পী কৃষ্ণমণি নাথ ।

জনপ্ৰিয় শিল্পী কৃষ্ণমণি নাথ, যতীন বৰা, প্ৰীতি কংগনা, ৰাগ ঐনিতমসহ কেইবাগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰাই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে নগাঁও চহৰত । সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আপ্লুত হৈছে হৈ শিল্পীসকলৰ লগতে শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকল । ইফালে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি যতীন বৰাই কয় যে ছবিজগতৰ বাবে নতুন পৰিকল্পনাৰ কথা ভাবিছে আৰু কম সময়ৰ ভিতৰতে নতুন পৰিকল্পনাৰ বিষয়ে অৱগত কৰিব বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক: চিনেমাক ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱা‌ উচিত নহয়: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.